
তোলনীয়া জীয়ৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজন ব্যক্তিক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে। এই ঘটনাটো কামৰূপ মেট্ৰ’ জিলাৰ সোণাপুৰৰ।
দোষী সাব্যস্ত হৈ কাৰাদণ্ডৰে দণ্ডিত হোৱা লোকজন হৈছে ৰাজু কিষাণ ওৰফে মংগৰা।
সূত্ৰ অনুসৰি ২০১৯ চনত সোণাপুৰ আৰক্ষীয়ে ৰাজু কিষাণক গ্ৰেপ্তাৰ কৰিছিল। এখন বিশেষ আদালতে ৰাজুক পকছো (POCSO) আইনৰ অধীনত ২৫ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
আদালতে অভিযুক্তৰ বিৰুদ্ধে ১০ হাজাৰ টকাৰ জৰিমনা আৰোপ কৰে। ইয়াৰ উপৰি কামৰূপৰ জিলা আইন সেৱা প্ৰাধিকৰণে ৰাজুক ভুক্তভোগী নাবালক ছোৱালীজনীক ১ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈও নিৰ্দেশ দিয়ে।
সূত্ৰ অনুসৰি ৰাজুৱে আন এগৰাকী মহিলাক বিয়া কৰাইছিল, যাৰ ইতিমধ্যে কন্যা সন্তান আছিল। দ্বিতীয় পত্নী ঘৰত উপস্থিত নথকাত ৰাজুৱে নাবালিকাগৰাকীক যৌন নিৰ্যাতন চলায়।
স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।