26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    চিকিৎসালয়ত নিজকে ছাফাই কৰ্মী বুলি পৰিচয় দি বৃদ্ধ ৰোগীক আক্ৰমণ যুৱকৰ

    চিকিৎসালয়ত নিজকে ছাফাই কৰ্মী বুলি পৰিচয় দি বৃদ্ধ ৰোগীক আক্ৰমণ যুৱকৰ

    গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিচাসক্ত যুৱকৰ উদ্ভণ্ডালি। সুৰা আৰু ভাং সেৱন কৰি চিকিৎসালয় খনত চিকিৎসাধীন হৈ থকা এগৰাকী বৃদ্ধক প্ৰহাৰ কৰে যুৱকজনে।‌

    নিজকে প্ৰক্তন সেনা জোৱান বুলি পৰিচয় দিয়া ৰবি সিং নামৰ যুৱক জনে নিজ পত্নীৰ চাফাই কৰ্মীৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত কৰ্তৃপক্ষৰ আজ্ঞাতে নিজেই এজন চাফাই কৰ্মী বুলি পৰিচয় দি কোনো কাৰণ নোহোৱাকৈ বৃদ্ধ ৰোগী গৰাকীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে।

    ইয়াৰ পিছতেই চিকিৎসালয় খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু লগতে বৃদ্ধ ৰোগী গৰাকী গুৰুত্ব ভাবে আহত হয়।

    ইয়াৰোপৰি গোলাঘাটত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালত মাইনা নামৰ আন এজন যুৱকে চিকিৎসালয় ভিতৰত ভাং সেৱন কৰি উদ্ভণ্ডালিৰ সৃষ্টি কৰে।

    পিছত আৰক্ষীয়ে দুয়োকে আটক কৰি যুৱক দুজনৰ পৰা আৰক্ষীয়ে ভাংসহ আনান্য কিছু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

    Input; Rajib karmokar l

    Visual byte input numberot asy.

    আৰু পঢ়ক : কামৰূপত‌‌ এটাৰ পিছত জ্বলিছে আনটো উদ্যোগ, পুনৰ এটি উদ্যোগত ভয়ংকৰ অগ্নিকাণ্ড

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং