26 C
Guwahati
Thursday, September 16, 2021
More

    চেলুনলৈ গৈ যুৱকে বিচাৰিলে বিশেষ কেশসজ্জা, নাপিতে ক’লে ‘জীয়াই থকাই টান হৈ পৰিব’- ভাইৰেল ভিডিঅ’

    চেলুনলৈ গৈ যুৱকে বিচাৰিলে বিশেষ কেশসজ্জা, নাপিতে ক’লে ‘জীয়াই থকাই টান হৈ পৰিব’- ভাইৰেল ভিডিঅ’

    মানুহৰ চখৰ লেখ সীমা নাই। পিছে এগৰাকী যুৱকৰ চখ কিছু ভিন্ন। একেবাৰে প্ৰাণ কাঢ়ি নিয়া ধৰণৰ চখ। পিছে সেই চখ একেবাৰে সাধাৰণ হৈয়ো সাধাৰণ নহয়।

    কিয়নো যুৱকজনে চেলুনলৈ গৈ নাপিকত কলে এক বিশেষ কেশসজ্জাৰ কথা। লগে লগে চকু থিয় হৈ পৰে নাপিতৰ। যুৱকৰ ইচ্ছাই আছিল কিছু ভিন্ন।

    যুৱকে বিচাৰিছিল উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ দৰে কেশ সজ্জা। যি কেশসজ্জা উত্তৰ কোৰিয়াত সাধাৰণ লোকৰ বাবে নিষেধ। তেনেই এক নিষেধ থকা ইচ্চা প্ৰকাশ কৰে যুৱকে।

    নাপিতেও পলম নকৰি তেনেই কেশসজ্জা কৰি দিয়ে যুৱকক। পিছত তাৰেই এক ভিডিঅ কৰি সামাজিক মাধ্যমতো আপলোড কৰি দিয়ে। সেই কেশসজ্জাৰে সৈতে সাইলাখ কিম জং উনৰ দৰেই দেখা হৈছিল যুৱক।

    যি কেশসজ্জা বনাই শেষত নাপিত আৰু যুৱক দুয়ো হাঁহি ৰখাব নোৱাৰা হৈ পৰে। অৱশ্যে এই ভিডিঅ কোন ঠাইৰ সেই বিষয়ে জানিব পৰা নাই। পিছে নিসন্দেহে সেয়া যে উত্তৰ কোৰিয়াৰ নহয় তাৰ ওপৰত নিশ্চিত।

    আৰু পঢ়ক : চলিত মাহৰ পৰা আৰম্ভ হ’ব দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান : ৰণোজ পেগু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং