31 C
Guwahati
Thursday, September 29, 2022
More

    উদ্যোগপতি মুকেশ আম্বানীৰ পৰিয়ালক শেষ কৰাৰ ভাবুকি দিয়া ব্যক্তিক গ্ৰেপ্তাৰ

    উদ্যোগপতি মুকেশ আম্বানীৰ পৰিয়ালক শেষ কৰাৰ ভাবুকি দিয়া ব্যক্তিক গ্ৰেপ্তাৰ

    মুকেশ আম্বানীৰ পৰিয়ালে সোমবাৰে ৰাতিপুৱা আকৌ এবাৰ মৃত্যুৰ ভাবুকি পাইছিল।

    মুম্বাই আৰক্ষীৰ মতে, ৰিলায়েন্স ফাউণ্ডেচন হস্পিটেলৰ ডিচপ্লে নম্বৰত আঠটা ভাবুকিপূৰ্ণ ফোন কল কৰা হৈছিল।

    ফোন কৰা ব্যক্তিজনে ভাবুকি দিছিল যে তেওঁৰ গোটেই পৰিয়ালটো তিনি ঘণ্টাৰ ভিতৰত শেষ কৰি দিয়া হ’ব।

    কিন্তু আৰক্ষীয়ে তদন্ত কৰি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে যিয়ে উদ্যোগপতি মুকেশ আম্বানীৰ পৰিয়ালক ভাবুকি দিছিল।

    ফোন কৰা জনক বিষ্ণু বিদু ভৌমিক বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ বয়স ৫৬ বছৰ বুলি জানিব পৰা গৈছে।

    তেওঁ বৰিভালি ভেচোৰ বাসিন্দা ।জানিব পৰা মতে ভৌমিকে আগতেও এনেধৰণৰ ফোন কৰিছিলে।

    তেওঁ কি কাৰণত আম্বানীক ফোন কৰি হত্যা কৰিম বুলি কৈছিলে তাক জানিবলৈ আৰক্ষীয়ে সোধা-পোছা কৰি আছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং