
কামপুৰত চৰকাৰী বিষয়াৰ ধন দাবী কৰি আটক হল এজনলোক । উল্লেখ্য যে যুৱক জনে নিজকে এটা ৱেবপৰ্টেলৰ সাংবাদিক বুলি পৰিচয় দিছিল ।ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিজকে সাংবাদিক বুলি পৰিচয় দিয়া কুশল মেধী নামৰ লোকজনক । জানিব পৰা মতে লোকজন কামপুৰৰ চাংচকীৰ বাসিন্দা ।
অভিযোগ অনুসৰি,দীৰ্ঘদিন ধৰি কামপুৰ আঞ্চলিক বন বিষয়াৰ লগতে বন কৰ্মীক মেধীয়ে ধাৰাবাহিক ভাৱে ধন দাবী কৰি আহিছে।
তদুপৰি দাবী কৰা ধন নিদিলে মেধীয়ে ভাবুকি প্ৰদান কৰিছিল বনবিষয়াৰ লগতে বনকৰ্মীক । অৱশেষত অতিষ্ঠ হৈ বিষয়াগৰাকীয়ে মেধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিতে সোমবাৰে কামপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুশল মেধীক । ঘটনা সন্দৰ্ভত কামপুৰ আৰক্ষী থানাত IPC ৰ 71/20384/386/353 ধাৰাত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ।আনহাতে কুশল মেধী এটা ৱেব পৰ্টেলৰ সাংবাদিক বুলি জানিব পৰা গৈছে।
photo credit : Madhab bhuyan