31 C
Guwahati
Thursday, September 29, 2022
More

    নিজ ঘৰত পাকিস্তানী পতাকা উত্তোলন কৰি গ্ৰেপ্তাৰ হ’ল এজন যুৱক

    শনিবাৰে উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাত এজন যুৱকক নিজ গৃহত পাকিস্তানৰ জাতীয় পতাকা উত্তোলন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

    আৰক্ষীয়ে জানিব দিয়া অনুসৰি, শুকুৰবাৰে পুৱা প্ৰায় ১১ বজাত কুশীনগৰৰ তাৰিয়া ছুজান থানা এলেকাৰ অন্তৰ্গত বেদুপাৰ মুস্তাকিল গাঁৱৰ এটা ঘৰত পাকিস্তানী পতাকা উত্তোলন কৰা হয়।

    অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিতেশ কুমাৰ সিঙে জনোৱা মতে, আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছতে পতাকাখন আঁতৰাই পেলোৱা হৈছিল।

    ধৃত অভিযুক্তজনৰ নাম ছলমান (২১)। পতাকা নিৰ্মাণ আৰু উত্তোলন কৰাৰ অভিযোগত ছলমান আৰু তেওঁৰ এগৰাকী আত্মীয় শ্বাহনাজ (২২)ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

    ইয়াৰ উপৰি পতাকা উত্তোলনত সহায় কৰাৰ বাবে আৰক্ষীয়ে ইমৰান নামৰ এজন ব্যক্তিক জুভেনাইল জাষ্টিচ এক্টৰ অধীনত গোচৰ ৰুজু কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং