23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নিজ কন্যাক নগ্ন কৰি অমানুষিক অত্যাচাৰ কৰা পাষণ্ড পিতৃক গ্ৰেপ্তাৰ

    শিলচৰত পাষণ্ড পিতৃয়ে কন্যাক নগ্ম কৰি নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছত অৱশেষত লোকজনক স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

    অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে এই কথা জানিব দি লোকজনৰ বিৰুদ্ধে আইনগতভাৱে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়।

    উল্লেখ্যে যে শিলচৰৰ আতালবস্তিৰ এগৰাকী পাষাণ পিতৃয়ে নিজ কন্যাক নগ্ন কৰি নিৰ্মমভাৱে প্ৰহাৰ কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল।

    ভিডিঅ’ত স্পষ্ট ৰূপত দেখা পোৱা গৈছিল যে লোকজনে স্থানীয় লোকৰ সন্মুখত নিজ কন্যাক নগ্ম কৰি লৈ ভৰিৰে লঠিওয়াৰ লগতে বাহেৰে কোবোৱা। আনকি হাত-ভৰি-ডিঙিত ভৰিৰে গছকি দিছিল পিতৃয়ে।

    আনকি শিশুটিক উদ্ধাৰ কৰিবলৈ যোৱা লোকক পাষণ্ড লোকজনে পিষ্টলেৰে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাও দেখা গৈছিল।

    এই ঘটনা কোনো লোকে কেমেৰাত বন্দী কৰি ছ’চিয়েল মিডিয়াত এৰি দিয়াৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হয়। কিন্তু আৰক্ষীৰ উপস্থিতিৰ উমান পাই লোকজনে পলায়ন কৰিছিল।

    অৱশেষত আৰক্ষীৰ তীব্ৰ অভিযানৰ অন্তত গ্ৰেপ্তাৰ হয় লোকজন।

    আৰু পঢ়ক : ভয়াবহতাৰ ইংগিত! মঙলবাৰে ৰাজ্যত ৪১ গৰাকীয়ে প্ৰাণ হেৰুওৱাৰ লগতে ৪৪৭৫ গৰাকী লোক কৰ’ণাত আক্ৰান্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং