
যোৱা বছৰৰ ২৬ নৱেম্বৰত এয়াৰ ইণ্ডিয়াৰ নিউয়ৰ্কৰ পৰা নতুন দিল্লীলৈ অহা এখন বিমানত এগৰাকী মহিলা যাত্ৰীৰ গাত প্ৰস্ৰাৱ কৰাৰ অভিযোগত অভিযুক্ত শংকৰ মিশ্ৰক আজি দিল্লীৰ আদালতে জামিন মঞ্জুৰ কৰে।
সোমবাৰে এই গোচৰত আদালতে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল। পটিয়ালা হাউছ কোৰ্টে সোমবাৰে কৈছিল যে শংকৰ মিশ্ৰৰ বিৰুদ্ধে গোচৰত দিল্লী আৰক্ষীয়ে নাম উল্লেখ কৰা সাক্ষীসকলে বিচাৰৰ সপক্ষে সাক্ষ্য দিয়া নাই।
শুনানিৰ সময়ত ন্যায়াধীশগৰাকীয়ে কয়, ‘আপুনি নাম উল্লেখ কৰা সাক্ষীসকলে আপোনাৰ পক্ষত সাক্ষ্য দিয়া নাই… অভিযোগকাৰীৰ বক্তব্য আৰু ইলা বেনাৰ্জীৰ (সাক্ষী) বক্তব্যৰ মাজত বৈপৰীত্য আছে’।
‘এই ঘটনাটোৰ বাবে বিশ্বত ভাৰতৰ বদনাম হৈছে’, বুলি উল্লেখ কৰি দিল্লী আৰক্ষীয়ে জামিন আবেদনৰ বিৰোধিতা কৰিছিল।
এই সন্দৰ্ভত বিচাৰকে কৈছিল, ‘এয়া ঘৃণনীয় হ’ব পাৰে কিন্তু ই অন্য এটা বিষয়। ইয়াৰ ভিতৰত আপুনি নোসোমাব। আইনে ইয়াৰ সৈতে কেনেদৰে মোকাবিলা কৰে সেয়া চাওক’।
তাৎপৰ্যপূৰ্ণভাৱে এয়াৰ ইণ্ডিয়াৰ বিমানত এগৰাকী বৃদ্ধা মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ বাবে বিমান সংস্থাটোৱে চাৰি মাহৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে শংকৰ মিশ্ৰক।
নিউয়ৰ্ক-দিল্লী বিমানত সংঘটিত হোৱা এই ঘটনাক লৈ সমগ্ৰ দেশৰ মানুহে অসন্তুষ্টি প্ৰকাশ কৰিছিল।
শংকৰ মিশ্ৰৰ বিৰুদ্ধে বিমানত এগৰাকী ৭২ বছৰীয়া মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ আছে। তেওঁ সংঘটিত কৰা জঘন্য কাণ্ডৰ প্ৰায় ছয় সপ্তাহৰ অন্তত যোৱা সপ্তাহত বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক।