বৰ্তমান সমগ্ৰ দেশত পেট্ৰল ,ডিজেলৰ মূল্য অত্যাধিক হাৰত বৃদ্ধি পাইছে। এই মূল্যবৃদ্ধিৰ বিৰোধিতা কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও।
মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে ২৫ফেব্ৰুৱাৰীত স্কুটাৰত উঠি মুখ্যমন্ত্ৰী কাৰ্যলয়লৈ যায়। স্কুটাৰ খন মন্ত্ৰী ফিৰহাদ হকীমে চলাই থকা দেখা যায় আৰু মুখ্যমন্ত্ৰী পিছত বহে।
এইখন সাধাৰণ স্কুটাৰ নহয়, বেটাৰীৰ দ্বাৰা চালিত স্কুটাৰ।এই সময়চোৱাত মমতা বেনাৰ্জীক হেলমেট পিন্ধি মাস্ক পৰিধান কৰা দেখা যায়। লগতে মুখ্যমন্ত্ৰী গৰাকীৰ ডিঙিত এখন পোষ্টাৰ ওলমি থকা দেখা যায়, য’ত লিখা আছে ”আপোনাৰ মুখত কি আছে, পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ দাম বৃদ্ধি কৰা” ।
আৰু পঢ়ক : বিশিষ্ট কণ্ঠশিল্পী কুল বৰুৱাৰ দেহাৱসান, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ