27 C
Guwahati
Sunday, May 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বংগত পুনৰ ‘দিদি’ৰ চৰকাৰ, আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল’ব মমতা বেনাৰ্জীয়ে

    বংগত পুনৰ ‘দিদি’ৰ চৰকাৰ, আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল’ব মমতা বেনাৰ্জীয়ে

    পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন শেষ হৈছে, ফলাফলো ওলাইছে আৰু এতিয়া গোটেই কেইখন ৰাজ্যতে চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ধৰিছে।

    চৰকাৰ গঠনৰ প্ৰক্ৰিয়া পশ্চিম বংগৰ পৰাই আৰম্ভ হ’ব।

    তৃণমূল কংগ্ৰেছৰ বিপুল বিজয়ৰ পিছত মমতা বেনাৰ্জীয়ে আজি একেৰাহে তৃতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ গৈ আছে।

    মমতা বেনাৰ্জীয়ে আজি পুৱা ১০.৪৫ বজাত পশ্চিম বংগৰ ৰাজভৱনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

    কৰ’ণা সংকটৰ আৰু ইয়াৰ গাইডলাইনৰ বাবে শপত গ্ৰহণ অনুষ্ঠানটো সীমিত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।

    জানিব পৰা মতে বিধায়কসকলে এই মুহূৰ্তত শপত গ্ৰহণ নকৰে।

    তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা শপত গ্ৰহণ অনুষ্ঠানলৈ কেইগৰাকীমান বিশিষ্ট লোকক  আমন্ত্ৰণ জনাইছে। তেওঁলোকৰ ভিতৰত আছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষ, প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য, বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আৰু অন্যান্যসকল।

    ইয়াৰ উপৰি নিৰ্বাচনত তৃণমূলৰ ৰণনীতি প্ৰস্তুত কৰা প্ৰশান্ত কিশোৰো শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব।

    উল্লেখ্যে যোৱা ২ মে’ত ফলাফল ঘোষণা কৰা পশ্চিম বংগৰ ২৯২ খন আসনৰ ভিতৰত মমতা বহেনাৰ্জী নেতৃত্বাধীন তৃণমূলে ২১৩ খন আসন দখল কৰা বিপৰীতে সৰ্বশক্তি প্ৰয়োগ কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিয়ে মাত্ৰ ৭৭ খন আসনতেই সন্তুষ্ট থাকিবলগীয়া হয়।  

    আৰু পঢ়ক : দ্ৰুত বেগী ট্ৰেইলাৰে মহতিয়াই লৈ গ’ল বাইকেৰে আহি থকা চাইদুৰ ৰহমানক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং