গান্ধী নহয় এইবাৰ হ’ব থাৰুৰ বা সিং বা কোনো অন্য! আজি অন্তিম তাৰিখ মনোনয়ন পত্ৰ দাখিলৰ, হঠাতে সলনি হৈ পৰিবও পাৰে সকলো

0
2267

গান্ধী নহয় এইবাৰ হ’ব থাৰুৰ বা সিং বা কোনো অন্য! আজি অন্তিম তাৰিখ মনোনয়ন পত্ৰ দাখিলৰ, হঠাতে সলনি হৈ পৰিবও পাৰে সকলো

ৰাজনীতি মানেই অন্তিম মুহুৰ্তলৈ ধৰিব নোৱাৰা এক খেলৰ দৰে। কাৰ কেতিয়া পতন, কাৰ কেতিয়া উত্থান সেয়া কোনেও নাজানে।

ৰাজনীতিয়েই হৈছে শেষ নিশাৰ খেল। এইবাৰ কংগ্ৰেছৰ সভাপতিৰ পদক লৈ বাৰুকৈয়ে চৰ্চাৰ বিষয় হৈ পৰিছে কিয়নো এইবাৰ এই পদত নাথাকো কোনো গান্ধী।

গান্ধী উপাধীধাৰীৰ সলনি এইবাৰ থাকিব অন্য। সেয়া হয়তো সিং, থাৰুৰ বা অন্য । যাক লৈয়ে এতিয়া কংগ্ৰেছৰ ভিতৰ মহলা গৰম হৈ উঠিছে। বহু কেইগৰাকী শীৰ্ষ তথা জ্যেষ্ঠ নেতাৰ সমান্তৰালকৈ অন্য নেতাও উঠিছে এই পদৰ বাবে নিৰ্বাচনত।

আজি ৩০ ছেপ্টেম্বৰ তাৰিখ এই কংগ্ৰেছৰ সভাপতি তথা অধ্য়ক্ষ পদৰ নিৰ্বাচনৰ মনোনয়ন দাখিল কৰাৰ অন্তিম দিন। খুবেই চৰ্চিত দ্বিগবিজয় সিং আৰু শশী থাৰুৰৰ বাহিৰে অন্য কোন কোন লোকে আজি মনোনয়ন দাখিল কৰে তাৰ ওপৰত দৃষ্টি নিবদ্ধ সকলোৰে।

মুখ্যতঃ এই নিৰ্বাচনত কেৰালাৰ সাংসদ শশী থাৰুৰ আৰু মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ দ্বিগবিজয় সিঙৰ মাজত প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা। তথাপি নাম উত্থাপিত হৈছে মুকুল বাসনিক, মল্লিকাৰ্জুন খড়গে আৰু কুমাৰী শৈলজা। এই কেই গৰাকী লোকেও আজি মনোনয়ন দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা।

আনহাতে মনোনয়ন উঠাই লোৱাৰ অন্তিম দিন ৮ অক্টোবৰ। পাছে তাৰ মাজতে জি-২৩ গ্ৰুপৰ ফালৰ পৰাও নিজাকৈ প্ৰাৰ্থী নিৰ্বাচনত নমোৱাৰ বিষয়টোৱেও চৰ্চা লাভ কৰিছে।

খবৰ অনুসৰি পাৰ্টীৰ হাইকমাণ্ডে জি-২৩ৰ হৈ এগৰাকী দলিত প্ৰাৰ্থীক কংগ্ৰেছ সভাপতি পদৰ নিৰ্বাচনত নমোৱাৰ সম্ভাৱনা। যাৰ ভিতৰত মল্লিকাৰ্জুন খড়গেৰ নাম শীৰ্ষত। তাৰোপৰি মুকুল বাসনিক, কুমাৰী শৈলজা, মাৰী কুমাৰৰো নাম চৰ্চিত হৈ আছে।

এতিয়া কেৱল দিনটোৰ বাকি সময়ছোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাইছে সকলোৱে। কোন কোন আহে মনোনয়ন দাখিল কৰিবলৈ।