26 C
Guwahati
Thursday, September 16, 2021
More

    অন্ত পৰিল ক্ৰিকেট কেৰিয়াৰ; অৱসৰৰ ঘোষণা ‘ইয়ৰ্কাৰ কিং’ লাছিথ মালিংগাৰ

    অন্ত পৰিল ক্ৰিকেট কেৰিয়াৰ; অৱসৰৰ ঘোষণা ‘ইয়ৰ্কাৰ কিং’ লাছিথ মালিংগাৰ

    অৱশেষত ‘ইয়ৰ্কাৰ কিং’ৰূপে পৰিচিত শ্ৰীলংকাৰ বেগী বলাৰ লাছিথ মালিংগাই সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। মালিংগাই মঙলবাৰে সামাজিক মাধ্যমত অৱসৰৰ কথা ঘোষণা কৰে।

    ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱা মালিংগাই আৰু লীগ ক্ৰিকেটো নেখেলাৰ সিদ্ধান্ত লয়।

    মালিংগাই টুইট কৰি কয়, ‘মই এতিয়া ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেটক বিদায় জনাইছো। যিসকলে মোৰ যাত্ৰাত মোক সমৰ্থন কৰিছিল তেওঁলোকক ধন্যবাদ। এতিয়া মই আহিবলগীয়া বছৰবোৰত যুৱ ক্ৰিকেটাৰসকলৰ সৈতে মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিম’।

    টুইটটোৰ পৰা এটা কথা স্পষ্ট হয় যে মালিংগাক সোনকালেই প্ৰশিক্ষকৰ ভূমিকাত দেখা যাব।

    উল্লেখ্য যে মালিংগাই যোৱা বছৰৰ পৰাই টি-২০ ক্ৰিকেটৰ পৰা আঁতৰি আছে। তেওঁ আই পি এল ২০২০ ৰ পৰাও নিজৰ নাম প্ৰত্যাহাৰ কৰিছিল।

    স্মৰ্তব্য যে টি-২০ৰ অন্যতম সফল বলাৰ হৈছে মালিংগা। তেওঁৰ টি-২০ কেৰিয়াৰ আছিল অতুলনীয়।

    মালিংগা বিশ্বৰ ২৯ টা দলৰ হৈ পেচাদাৰী ক্ৰিকেট খেলিছিল। তেওঁ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ এজন গুৰুত্বপূৰ্ণ সদস্য আছিল।

    কিংবদন্তী বলাৰগৰাকীয়ে ২৯৫ খন টি-২০ মেচত ৩৯০ টা উইকেট দখল কৰিছিল। মালিংগাৰ ইকনমি আছিল মাত্ৰ ৭.০৭।

    আৰু পঢ়ক : মহিলাৰ সুৰক্ষাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ আৰক্ষীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং