কামাখ্যা মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ ঘটনা, সুৰামত্ত যুৱকৰ আক্ৰমণত নিহত শ্ৰমিক

0
380
গুৱাহাটীত জ্যোতিষীৰ বাসগৃহত যুৱতীৰ মৃতদেহ উদ্ধাৰ, তীব্ৰ চাঞ্চল্য
প্ৰতিকী ফটো

কামাখ্যা মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ ঘটনা, সুৰামত্ত যুৱকৰ আক্ৰমণত নিহত শ্ৰমিক

মালিগাওঁ পাণ্ডু সংযোগী কামাখ্যা মন্দিৰলৈ যোৱা নতুন পথত ভয়ংকৰ ঘটনা। সুৰামত্ত যুৱকৰ দলৰ আক্ৰমণত নিহত এজন শ্ৰমিক। এই ঘটনা ৩০ ডিচেম্বৰৰ বুলি জানিব পৰা গৈছে।

 প্ৰথমে আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল শ্ৰমিক জন। ইয়াৰ পিছত GMCH লৈ অনা হৈছিল যদিও GMCH ত মৃত্যু হোৱা বুলি ঘোষণা কৰে শ্ৰমিকজনক।

সুৰামত্ত যুৱকৰ দল এটাই ৩ জনকৈ শ্ৰমিকক কাম কৰি থক অৱস্থাত আক্ৰমণ কৰিছিল। মৃত শ্ৰমিক জনৰ নাম ৰূপচান আলী(১৯) বুলি জানিব পৰা গৈছে।

নিৰ্মাণ কাৰ্যত জড়িত থকা শ্ৰমিকৰ দলটোক সুৰামত্ত যুৱকৰ দলটোৱে দা কুঠাৰ লৈ আক্ৰমণ কৰিব আহিছিল বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত তেজৰ চেকুৰা দেখিবলৈ পোৱা গৈছে। ঘটনাস্থলীত জালুকবাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

আৰু পঢ়ক : ইংৰাজী উৰুকাৰ বজাৰ কৰিলেনে…আজি গণেশগুৰিত ৩৫ কেজি এটা মাছৰ দৰ উঠিল ২৫ হাজাৰলৈ