নগাঁও জিলাত চাঞ্চল্যকৰ ঘটনা, শৌচাগাৰৰ গাঁতত উদ্ধাৰ পুৰুষৰ কংকাল। নগাঁও জিলাৰ কলিয়াবৰৰ কুঠৰীৰ ন-জানত এই চাঞ্চল্যকৰ ঘটনা।
শৌচাগাৰৰ গাঁতত উদ্ধাৰ হৈছে এজন পুৰুষৰ কংকাল। কংকালটো ২নং নজানৰ উমেশ বৰাৰ বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ।
সেই নামৰ লোকগৰাকীৰ ঘৰৰ চৌহদৰে শৌচাগাৰৰ গাঁতত উদ্ধাৰ হৈছে কংকালটো। কংকালটো উদ্ধাৰ হোৱাৰ পাছতে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে কলিয়াবৰ আৰক্ষীয়ে।
উল্লেখ্য যে, বিগত তিনিমাহ ধৰি সন্ধানহীন হৈ আছিল উমেশ বৰা নামৰ লোকজন। পত্নীয়ে লোকজনৰ নিৰুদ্দেশ হোৱাৰ খবৰো আৰক্ষীক দিছিল।
সেই নিৰুদ্দেশ হোৱাৰ খবৰৰ পাছতেই কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। সেই তদন্ততেই আজি আৰক্ষীয়ে শৌচালয়ৰ পৰা উদ্ধাৰ কৰে এটা কংকাল।

আৰক্ষীৰ প্ৰাথমিক তদন্তত পত্নীয়ে মজিবুৰ ৰহমান নামৰ এজনৰ লগত লগ হৈ স্বামী উমেশ বৰাক হত্যা কৰি শৌচাগাৰৰ গাঁতত পুতি থোৱাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ।
বাগৰি আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীৰ লগতে মজিবুৰ ৰহমানকো সোধপোছৰ বাবে আটক কৰিছে।
বৃহস্পতি বাৰে বিয়লি ঘটনাস্থলীত আৰক্ষীৰ লগতে কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ শৌচাগাৰৰ টেংকীৰ পৰা কংকালটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
কংকালটো নিৰুদৃষ্ট উমেশ বৰাৰ বুলি সন্দেহ কৰাৰ লগতে পৰকীয়া প্ৰেমৰ পৰিণতিতে হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে।
Input and Photo – Dipu Bora