মালাইকা-অৰ্জুনৰ বিয়া…মালাইকাই সদৰি কৰিলে বিশেষ তথ্য

0
10222

মালাইকা-অৰ্জুনৰ বিয়া…মালাইকাই সদৰি কৰিলে বিশেষ তথ্য

বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ আৰু মালাইকা আৰোৰাৰ বিয়াৰ খবৰে প্ৰায়ে মাজে সময়ে উক দিয়ে। এইবাৰো সাক্ষাতত মালাইকাই তেনেই এক খবৰ দিয়ে।

আৰবাজ খানৰ পৰা বিবাহ বিচ্ছেদৰ পাছত অৰ্জুনৰ সৈতে প্ৰেমৰ সম্পৰ্কত সোমাইছিল মালাইকা। বহু স্থানত একেলগো দেখা পোৱা যায় দুয়োগৰাকীকে।

প্ৰায়ে দুয়োৰে বিয়াৰ কথা সোধে , অনুৰাগী সকলেও দুয়োকে একেলগে চাবলৈ বৰ আগ্ৰহ কৰে। যাৰ বাবেই বাৰে বাৰে বিয়াৰ কথা সোধা দেখা যায় দুয়োকে।

সদ্যহতে এক সাক্ষাতত মালাইকাক পুনৰ এই প্ৰশ্নই কৰা হয়। কেতিয়া বিয়া পাতিব বুলি সোধাত মালাইকাই সুন্দৰ ভাৱে ইয়াৰ উত্তৰ দিয়ে।

মালাইকাই কয়- বিবাহ এক অতিকে সুন্দৰ সংবিধানৰ দৰে। কিন্তু মই ভাবো মানুহে কেৱল এই কাৰণেই বিয়া পাতিব নালাগে যে, সমাজে তেওঁৰ ওপৰত জোৰ দি আছেো. তেতিয়াহে বিয়া পাতিব লাগে যেতিয়া মনে কয়।

বিবাহৰ উপযুক্ত সময় তেতিয়াহে, যেতিয়া নিজৰ মনে মিলা প্ৰাৰ্থী এগৰাকী পোৱা যায়। যেতিয়া ভবা হয় এইয়ে সঠিক সময়।

তাৰোপৰি অৰ্জুন কাপুৰ সম্পৰ্ক সোধাত কয় অৰ্জুন আৰু মোক সম্পৰ্ক বহুত ভাল। আমাৰ দুয়োৰে মাজত কেৱল প্ৰেমেই নাই। ভাল বন্ধুত্বও আছে। অৰ্জুন মোৰ সবাতোকৈ ভাল বন্ধু।