26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মাজুলীৰ ৰক্ষা কবচ ৭ কোটি টকীয়া শৈল্য স্পাৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ

    ভৌগোলিক অস্তিত্বৰ সংকটত সত্ৰ নগৰী মাজুলী। এফালৰ পৰা খহিবলৈ আৰম্ভ কৰিছে মাজুলী। এইবাৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল মাজুলীৰ কোটি টকীয়া ৩ নং শৈল‍্য স্পাৰ।

    কিন্তু ইমানৰ পিছতো ঘোৰ নিদ্ৰাত ব্ৰহ্মপুত্ৰ বৰ্ড। মাজুলী নিঃচিহ্ন হৈ গ’লেও যেন সাৰ নাপাব ব্ৰহ্মপুত্ৰ বৰ্ড।

    উল্লেখ্য যে, মাজুলীক ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰা স্থায়ী সুৰক্ষা বাবে ২০০৪ চনতে ব্ৰহ্মপুত্ৰ বৰ্ড নামৰ কেন্দ্ৰীয় সংস্থাক দায়িত্ব অৰ্পণ কৰিছিল।

    ২০০৯ চনতে ২৩ কোটি টকাৰ এক বৃহৎ পুজিৰে নিৰ্মাণ আৰম্ভ কৰিছিল ৫ টাকৈ শৈল‍্য স্পাৰ । তাৰেই ৩ নং শৈল‍্য স্পাৰৰ বুল হেড অংশ সম্পূৰ্ণ ৰূপে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি যায়।

    প্ৰায় ৭ কোটি টকাৰে নিৰ্মাণ কৰা স্পাৰটো ২০১৬/১৭ বৰ্ষত নিৰ্মাণ সম্পূৰ্ণ হৈছিল মাত্ৰ ।

    মাজুলী ভৌগোলিক স্থায়ী সুৰক্ষা বাবে নিৰ্মাণ কৰা স্পাৰটো নিজেই সুৰক্ষিত নহল।

    মাজুলী স্থায়ী সুৰক্ষা দ্বায়িত্ব লোৱা ব্ৰহ্মপুত্ৰ বৰ্ডে সূদীৰ্ঘ সময়ত হাজাৰ কোটি টকাৰে অভিলাষী আচনিৰে মাজুলীৰ এচপৰাও মাটিৰ সুৰক্ষা দিবলৈ সক্ষম নহল।

    বিভাগ আৰু ঠিকাদাৰৰ গোপন মিতিৰালিৰ পৰিণতিত প্ৰতিদিনে সংকোচিত হৈছে ঐতিহ্যমণ্ডিত মাজুলী ভূ খণ্ড।

    ৩ ন‌ং স্পাৰটো উটি যোৱাৰ ফলত অফলামুখৰ পৰা মাজুলী নামনি অংশটো বিশেষকৈ দক্ষিণপাট, চুমৈমাৰী, ভোগপুৰ, বেঙেনা আটী আদি অঞ্চললৈ ভয়াবহ সংকট নমাই আনিছে।

    Photo Credit: @kalpajitsaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং