26 C
Guwahati
Thursday, September 16, 2021
More

    মাজুলী দুৰ্ঘটনা- অভিশপ্ত ‘মা-কমলা’ ফেৰীৰ যাত্ৰী চিকিৎসক বিক্ৰমজিত বৰুৱাৰ মৃতদেহ উদ্ধাৰ…

    মাজুলী দুৰ্ঘটনা- অভিশপ্ত ‘মা-কমলা’ ফেৰীৰ যাত্ৰী চিকিৎসক বিক্ৰমজিত বৰুৱাৰ মৃতদেহ উদ্ধাৰ…

    মাজুলী দুৰ্ঘটনা- অভিশপ্ত ‘মা-কমলা’ ফেৰীৰ যাত্ৰী চিকিৎসক বিক্ৰমজিত বৰুৱাৰ মৃতদেহ উদ্ধাৰ। দেৰগাঁৱৰ নিকটৱৰ্তী ভেকেলী চাপৰিত উদ্ধাৰ হৈছে চিকিৎসকগৰাকীৰ মৃতদেহ।

    অভিশপ্ত ৮ ছেপ্তেম্বৰৰ মাজুলী-নিমাতিঘাট অভিশপ্ত ফেৰী ঘটনাত সন্ধানহীন হৈ পৰিছিল চিকিৎসক বিক্ৰমজিত বৰুৱা । বিগত ৮ টা দিন ধৰি সন্ধানহীন হৈ আছিল বৰুৱা।

    আৰু আজি ব্ৰহ্মপুত্ৰৰ পানীত উপঙী উঠে উৱলি যোৱা কলা চ্যুট পৰিহিত ব্যক্তিৰ মৃতদেহ।

    স্থানীয় ৰাইজে দেখা মাত্ৰেই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে উদ্ধাৰকাৰী দলক খবৰ কৰে। এছ ডি আৰ এফ বাহিনী ইতিমধ্যে ৰাওনা হৈছে মৃতদেহ প্ৰত্যক্ষ কৰা থলীলৈ।

    বৰ্তমানেও মৃতদেহ টো উদ্ধাৰ হোৱা নাই। পানী জুৱলীত উপঙি উঠিছে। সেয়ে সেইটো চিকিৎসক বিক্ৰমজিত বৰুৱাৰ মৃতদেহ হয়নে নহয় নিশ্চিত হোৱা নাই।

    কিন্তু ঘটনাৰ দিনটোত চিকিৎসক বিক্ৰমজিত বৰুৱাই যি কলা ৰঙৰ চ্যুট পৰিধান কৰি আছিল সেই সাজৰেই দেখা পোৱা গৈছে মৃতদেহটো। সেয়ে সকলোৱে সন্দেহ কৰিছে মৃতদেহটো চিকিৎসক বিক্ৰমজিত বৰুৱাৰ।

    গড়মূৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আছিল বিক্ৰমজিত বৰুৱা ।

    আৰু পঢ়ক : অতিকে ভয়ংকৰ অগ্নিকাণ্ড; একে পৰিয়ালৰে ৪ জনৰ কৰুণ মৃত্যু, আন এজন সংকটজনক অৱস্থাত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং