মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত নিৰ্মাণৰ এবছৰ নহ’লেই, ঢলি পৰিল কোটিটকীয়া কাঠৰ দলং

0
292

মাজুলীৰ ভকত চাপৰি ১৬খন গাঁৱৰ ৰাইজৰ বাবে আকৌ আহিছে এটা বেয়া খবৰ। বছৰৰ চাৰিটাকৈ বানে অঞ্চলবাসীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰাৰ পিছত এইবাৰ আহিছে আন এটা বেয়া খবৰ। এবছৰ নহ’লেই ঢলি পৰিল টুনি সুঁতিৰ ওপৰৰ ১ কোটি টকীয়া কাঠৰ দলং।

মাজুলীৰ ভকত চাপৰিকে ধৰি ১৬ খন গাঁৱৰ ৰাইজে যাতায়ত কৰা একমাত্ৰ দলংখন ভাগি যোৱাৰ পিছত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশ। নিৰ্মাণৰ এবছৰ নহওঁতেই মুখ্যমন্ত্ৰী গৃহ সমষ্টিত কেনেকৈ দলংখন ভাগি পৰিলে তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ। যাতায়াত কৰাৰ ক্ষেত্ৰত নানা অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ।