অতিকৈ মৰ্মান্তিক ঘটনা ! বলবমলৈ যোৱা ১০ ভক্তৰ বিদ্যুৎপিষ্ট হৈ মৃত্যু

0
13527

অতিকৈ মৰ্মান্তিক ঘটনা ! বলবমলৈ যোৱা ১০ ভক্তৰ বিদ্যুৎপিষ্ট হৈ মৃত্যু

পশ্চিম বংগত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । পশ্চিম বংগৰ কোচ বিহাৰত বলবমলৈ যোৱা এখন গাড়ী বিদ্যুৎপিষ্ট হৈ ১০ জন লোক নিহত হোৱাৰ উপৰিও বহুলোক গুৰুত্বৰ ভাৱে আঘাটপ্ৰাপ্ত হয়।

জলপেশলৈ যোৱাৰ সময়তে মেখলিগঞ্জৰ চেংৰাবান্ধা ধৰলা নদীৰ দলঙৰ সমীপত এই কৰুণ ঘটনাটো সংঘটিত হয়। জানিবলৈ পোৱা মতে এখন বলেৰ’ পিকআপ ভানত ২৭ জনকৈ ভক্তক লৈ বলবমৰ বাবে শীতলকুছিৰ পৰা জনপাইগুৰি জিলাৰ জলপেশলৈ ৰাওনা হৈছিল।

কিন্তু নিশা ১২ বজাত চেংৰাবান্ধাৰ ধৰলা দলঙৰ সমীপতে সংঘটিত হয় এই ঘটনাটো। ভক্ত সকলে বলেৰ’ পিকআপ ভানখনৰ পিছফালে ডিজে চিষ্টম স্থাপন কৰিছিল।

সেই মিউজিক ছিষ্টেমত বিদ্যুতৰ তাঁৰ সংস্পৰ্শলৈ অহাৰ ফলত বিদ্যুৎপিষ্ট হৈ বাহনখনত থকা ১০ জনকৈ যাত্ৰীৰ মৃত্যু হয়।

আনহাতে গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত ১৬ জনকৈ যাত্ৰী জনপাইগুৰি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। ঘটনাৰ পিছতে আৰক্ষীৰ লোক উপস্থিত হৈ যাত্ৰী সকলৰ পৰিয়ালৰ লোক সকলক খবৰ দিয়ে।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে বলেৰ’পিকআপ বাহন খন জব্দ কৰে। কিন্তু বাহনখনৰ চালক জন বৰ্তমান পলাতক অৱস্থাত আছে।