33 C
Guwahati
Friday, August 5, 2022
More

    ডেৰ মাহৰ অন্তত জামিনত মুকলি আকাশৰ তললৈ মাইনা চুতীয়া, আলফাৰ সমৰ্থমত মন্তব্য লিখিছিল সামাজিক মাধ্যমত

    ডেৰ মাহৰ অন্তত জামিনত মুকলি আকাশৰ তললৈ মাইনা চুতীয়া, আলফাৰ সমৰ্থমত মন্তব্য লিখিছিল সামাজিক মাধ্যমত।

    সামাজিক মাধ্যম ফেচবুকত নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীন-ৰ সমৰ্থনত মন্তব্য লিখি গ্ৰেপ্তাৰ হৈছে মৰাণৰ এগৰাকী প্ৰতিভাসম্পন্ন বক্সিং আৰু উশ্বু খেলুৱৈ মাইনা চুতীয়া৷

    বিগত ১৭ জুন তাৰিখে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া গাঁৱৰ পদ্ম চুতীয়াৰ কন্যা (প্ৰণিতা) মাইনা চুতীয়া (২৩) ই ফেচবুকত আলফা স্বাধীন-ৰ সমৰ্থনত আনৰ এটা পোষ্টত এটা মন্তব্য দিয়াৰ বাবে আটক কৰিছিল আৰক্ষীয়ে৷

    প্ৰায় দেৰমাহৰ অন্ততঃ আজি ৫ আগষ্ট তাৰিখে চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশ আদালতে জামিন মঞ্জুৰ কৰে মাইনাৰ। জামিনৰ লাভৰ পাছতে আজি শিৱসাগৰ জিলা কেন্দ্ৰীয় কাৰাগাৰ পৰা মুকলি আকাশৰ তললৈ আহে মাইনা চুতীয়া।

    উল্লেখযোগ্য যে অহা ৭ আৰু ৮ আগষ্ট তাৰিখে গুৱাহাটী অনুষ্ঠিত হ’ব লগা উশ্বু খেলৰ প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব মৰাণৰ মাইনাই। কিন্তু প্ৰায় দুমাহ ধৰি কাৰাগাৰত বন্দী হৈ থকাৰ বাবে অনুশীলনৰ পৰা বিৰত আছিল।

    Input and Photo – Sanjay Pareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং