26 C
Guwahati
Monday, October 3, 2022
More

    অৱশেষত ক্ষতিপূৰণ লাভ কৰিলে মইনা নায়কে ! ক্ষতিপূৰণ দিবলৈ বাধ্য হ’ল কৰ্তৃপক্ষই

    অৱশেষত ক্ষতিপূৰণ লাভ কৰিলে মইনা নায়কে ! ক্ষতিপূৰণ দিবলৈ বাধ্য হ’ল কৰ্তৃপক্ষই

    অৱশেষত ক্ষতিপূৰণ লাভ কৰিলে দুৰ্ভগিয়া মইনা নায়কে । লেপেটকটা চাহ বাগিচাৰ কৰ্তৃপক্ষই মইনা নায়কক দিলে ১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকাৰ এখন চেক প্ৰদান কৰে।

    GMCH ত উপস্থিত হৈ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰিলে চেক খন। দীৰ্ঘদিন ধৰি GMCH ত চিকিৎসাধীন হৈ আছে মইনা নায়ক।

    উল্লেখ্য যে ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ কলঘৰত কৰ্তব্যৰত অৱস্থাতে গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত হৈছিল মইনা নায়ক। তাৰ পিছতেই GMCH ত ভৰ্তি কৰোৱা গৈছিল মইনা নায়কক।

    বৰ্তমান কিছু পৰিমানে সুস্থ হৈ উঠিছে যদিও বিভিন্ন দল সংগঠনে মইনা নায়কৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই দল সংগঠনে মইনা নায়কৰ ক্ষতিপূৰণৰ দাবী কৰিছিল।

    আৰু অৱশেষত মইনা নায়কে লাভ কৰিলে ক্ষতিপূৰণ। বাগিচাৰ কৰ্তৃপক্ষক ধন প্ৰদানৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল কিন্তু কৰ্তৃপক্ষই প্ৰথমে ক্ষতিপূৰণ দিবৰ বাবে আপত্তি কৰিছিল যদিও ক্ষতিপূৰণ দিলে মইনা নায়কক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং