
বৰপেটাৰ V2 শ্বপিংমলত এগৰাকী যুৱতী কৰ্মচাৰীক শ্লীলতাহানিৰ চেষ্টা চলোৱাৰ অভিযোগত মূল অভিযুক্ত হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কাছাৰৰ বাশকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱকজনক। ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক আছিল ধৃত যুৱকজন। গোপন তথ্যৰ ভিত্তিত বাশকান্দিত অভিযান চলাই বৃহস্পতিবাৰে নিশা বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱতী নিৰ্যাতনকাৰী হাফিজুৰ ৰহমানক৷ শনিবাৰে হাফিজুৰক আদালতত হাজিৰ কৰাই আৰক্ষীয়ে৷

উল্লেখ্য যে, ১২ ছেপ্টেম্বৰত বৰপেটাৰ V2 শ্বপিংমলত এগৰাকী যুৱতী কৰ্মচাৰীক এইজন যুৱকে শ্বপিংমলত কৰ্মৰত এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। যুৱতীগৰাকী কৰ্মস্থলীত উপস্থিত হোৱাৰ মুহূৰ্ততে গাড়ী পাৰ্কিংথলীলৈ টানি নি শ্লীলতাহানিৰ চেষ্টা চলাইছিল। দীৰ্ঘদিনৰ পৰা যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল হাফিজুৰ ৰহমানে। প্ৰেম প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই যৌন নিৰ্যাতন চলোৱা বুলি যুৱকজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী যুৱতীগৰাকীয়ে।
ঘটনাটোৰ সময়ত শ্বপিংমলৰ চিচিটিভি কেমেৰা বন্ধ থকাক লৈ সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল। এই ঘটনাক লৈ বৰপেটা চহৰত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ৷ আনহাতে অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত বৰপেটা চহৰত ৰাম সেনাই উলিয়াইছিল প্ৰতিবাদী সমদল৷