মহিলা শিল্পীৰ দলক উলংগ নৃত্য কৰিবলৈ হেঁচা প্ৰয়োগৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত। ৭ জুনত সংঘটিত হৈছিল এই জঘন্য কাণ্ড। ছয়গাঁও আৰক্ষীয়ে মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত আলীক।
বেংগালুৰুত আত্মগোপন কৰি আছিল বহুদিন ধৰি। ঈদ উপলক্ষে আচলপাৰালৈ আহিছিল নৌচাদ আলী। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ১১ জনকৈ লোক।
ইয়াৰ পূৰ্বে ১৭ জুনতো আৰু এজনক আটক কৰিছিল। ছয়গাঁৱৰ মাজৰটোপৰ আখতাৰ হুছেইন নামৰ এজনক আটক কৰিছিল। ড্ৰীমলেণ্ড টেণ্ট হাউছৰ মালিক আখতাৰ। চিত্ৰহাৰ অনুষ্ঠানত আখতাৰৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল।