হে পিতা তোমালৈ সশ্ৰদ্ধ প্ৰণাম, চাওঁ আহক মহাত্মা গান্ধীৰ কেইখনমান বিশেষ ফটো

0
621

আজি ২ অক্টোবৰ, জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ আজি ১৫১ সংখ্যক গান্ধী জয়ন্তী। দেশৰ লগতে বিশ্বতো আজি উদযাপন কৰা হব মহাত্মা মোহনদাস কৰমচান্দ গান্ধীৰ জয়ন্তী।

স্বাধীনতা, এক গুৰুগম্ভীৰ শব্দ। যি শব্দত আছে স্বভিমানষ সেই স্বভিমানেই দেশবাসীলৈ আনিবলৈ সমৰ্থ হৈছিল মোহনদাস কৰমচান্দ গান্ধী নামৰ এক সাধাৰণ ব্যক্তিয়ে।

সেই সাধাৰণ ব্যক্তিয়েই অসাধাৰণ হৈ পৰে ভাৰতবাসীৰ বাবে। সমগ্ৰ জাতিতোৰেই পিতা হৈ পৰে।

তেখেতৰ জন্মদিন ২ অক্টোবৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়।

মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত উকিল হৈ থকাৰ সময়তে তাত থকা প্ৰবাসী ভাৰতীয় সকলৰ বাবে সম অধিকাৰ বিচাৰি প্ৰথম অহিংস অসহযোগৰ প্ৰয়োগ কৰে।

১৯২১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাবে তেখেতে দৰিদ্ৰতা নিবাৰণ, নাৰীৰ সম অধিকাৰ, অস্পৃশ্যতা বৰ্জন, আৰ্থিক স্বাৱলম্বিতা গঢ়ি তোলা আদিৰ দাবীত, বিশেষকৈ স্বৰাজ অৰ্থাৎ ভাৰতৰ বিদেশী শাসনৰ পৰা মুক্ত কৰা ইত্যাদি দাবীৰে দেশজোৰা গণ আন্দোলনৰ সূচনা কৰে।

সেই মহাত্মা মোহনদাস কৰমচান্দ গান্ধীৰ ১৮৬৯চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত জন্মগ্ৰহণ হৈছিল। আৰু সেই জন্মদিনটোৱেই জন্মজয়ন্তী হিচাপে পালন কৰা হয়।

Photo Credit: Google