পূজাৰ নামত জাতিৰ পিতাক অপমান! মহিষাসুৰৰ সলনি লগালে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি

0
291

পূজাৰ নামত জাতিৰ পিতাক অপমান! মহিষাসুৰৰ সলনি লগালে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি

দেশৰ বিভিন্ন প্ৰান্তত দুৰ্গা পূজাক লৈ ব্যাপক উছাহ-উদ্দিপনা দেখিবলা পোৱা গৈছে। দুৰ্গা পূজা বুলি কলেই বিশেষকৈ কলকাতাৰ কথা মনলৈ আহে।

কিন্তু এই কলকাতাতে দুৰ্গা পূজাৰ নামত জাতিৰ পিতা মহাত্মা গান্ধীক অপমান কৰা হ’ল। দৰাচলতে কলকাতাৰ এখন দুৰ্গা পূজাত ‘মহিষাসুৰ’ৰ মূৰ্তিৰ পৰিৱৰ্তে মহাত্মা গান্ধীৰ দৰে এটা মূৰ্তিস্থাপন কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।

জানিব পৰা মতে দক্ষিণ-পশ্চিম কলকাতাৰ ৰুবি ক্ৰছিংৰ ওচৰৰ এখন পূজাত মহিষাসুৰৰ মূৰ্তিটো দেখাত সাইলাখ মহাত্মা গান্ধীৰ দৰেই।

দেওবাৰে যেতিয়া পূজা বুলি দৰ্শনাৰ্থীয়ে মা দুৰ্গাক দৰ্শন কৰিবলৈ আহিছিল তেতিয়া মূৰ্তিটো দেখি সকলোয়ে আচৰিত হৈছিল।

লগে লগে অখিল ভাৰতীয় হিন্দু মহাসভা পূজাৰ আয়োজকসকলে আৰক্ষী থানাত অভিযোগ দাখিল কৰে। আৰক্ষীয়ে তদন্ত কৰি পূজা কমিটিলৈ এখন জাননী প্ৰেৰণ কৰে।

আৰক্ষীৰ নিৰ্দেশ পাই পূজা কমিটিয়ে মূৰ্তিটোৰ দাড়ি আৰু চুলি লগাই দিয়ে। পূজা কমিটিয়ে সকলোৰে আগত ক্ষমা খোজে যদিও বহু দল সংগঠনে তেওঁলোকক শাস্তি প্ৰদান কৰিবৰ বাবে দাবী জনাইছে।