জতুগৃহলৈ পৰিণত হ’ল এখন চিকিৎসালয়ঃ অগ্নিদগ্ধ শিশুটিক এবাৰ কোলাত লবলৈ কান্দি কান্দি অনুৰোধ মাতৃৰ

0
11426
জতুগৃহলৈ পৰিনত হ'ল এখন চিকিৎসালয়ঃ অগ্নিদগ্ধ শিশুটিক এবাৰ কোলাত লবলৈ কান্দি কান্দি অনুৰোধ মাতৃৰ

জতুগৃহলৈ পৰিনত হ’ল এখন চিকিৎসালয়। মহাৰাষ্ট্ৰৰ ভণ্ডাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অগ্নিকাণ্ডৰ সংঘটনা।

শুকুৰবাৰে মাজনিশা ভণ্ডাৰাৰ অসামৰিক চিকিৎসালয় ত বিধ্বস্ত অগ্নিকাণ্ডৰ ফলত ১০ টি নৱজাতকে মৃত্যুক আকোৱালি লয়।

এই ঘটনাৰ পাছতে হ’ল এখন চিকিৎসালয় কান্দোনৰ ৰোল উঠিছে। সৌভাগ্যক্ৰমে ইউনিটৰ পৰা ৭ টি শিশুক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয় হাস্পতাল কৰ্তৃপক্ষ।

হাস্পতালৰ এগৰাকী কৰ্তৃপক্ষই জনোৱা অনুসৰি প্ৰায় ২ বজাত ফোন কৰিছিল আৰু ওপৰত নৱজাতকৰ ৱাৰ্ডত অগ্নিসংযোগ হোৱাৰ কথা জনাইছিল। ততাতৈয়াকৈ কৰ্তৃপক্ষৰ লোক আহি ৱাৰ্ডত উপস্থিত হয় মানে ৱাৰ্ডটো ক’লা ধোঁৱাৰে আৱৰি পৰে।

লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয়। উপায়হীন হয় কৰ্তৃপক্ষৰ লোকে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ জখলাৰ সহায়ত ৱাৰ্ডটোৰ বেলকনিত উঠি দুৱাৰ ভাঙে। তেতিয়ালৈ ৱাৰ্ডটোত থকা অৰ্ধশতাংশ নৱজাতক অগ্নিত ভষ্মীভুত হৈছিল, ইয়াৰে কিছুসংখ্যক জ্বলা নাছিল যদিও শেষ নিশ্বাস ত্যাগ কৰিছিল।

কোঠাটোত ইমানেই ধোঁৱা হৈছিল যে নাৰ্ছেও উশাহ ল’বলৈ কষ্ট পাইছিল। এখন চিকিৎসালয় এতিয়া হাস্পতালখনৰ কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। নিশা ৱাৰ্ডত কোনো নাৰ্ছ তথা কৰ্তৃপক্ষ কিয় উপস্থিত নাছিল। ৱাৰ্ডৰ ভিতৰত ধোঁৱা নিৰ্গতকৰণৰ ব্যৱস্থা কিয় কৰা হোৱা নাছিল। যদি ৱাৰ্ডটোৰ ভিতৰত ধোঁৱা নিৰ্গতকৰণৰ ব্যৱস্থা উপলব্ধ থাকিল হয় তেনেহলে এই ঘটনাৰ আৰম্ভনিতেই গম পোৱা গ’ল হয়।

ইয়াৰ উপৰিও যোৱা কেইদিনমামনৰ পৰা নৱজাতকক পৰিয়ালৰ লোকক লগ কৰিবলৈ দিয়া নাছিল হাস্পতাল কৰ্তৃপক্ষই। আনকি মাতৃৰ দুগ্ধপান কৰিবলৈকো অনুমতি দিয়া নাছিল।

এই ঘটনাৰ পাছতে কান্দোনত ভাগি পৰিছে শিশুসকলৰে পৰিয়াল। এগৰাকী মাতৃয়ে কান্দি কান্দি অনুৰোধ কৰি কয় যে- “মোক মোৰ শিশুটোক শেষবাৰৰ কাৰণে চাবলৈ দিয়ক, এবাৰ মৰমত সাৱতি লম।”

মহাৰাষ্ট্ৰৰ স্বাস্থ্য়মন্ত্ৰীয়ে মৃতৰকৰ পৰিয়াললৈ পাঁচ লাখ টকাকৈ সাহাৰ্য আগবঢ়াব বুলি আশ্বাস দিয়ে।

আৰু পঢ়ক : “হেলিকপ্তাৰেৰে ফুল ছটিয়ালে স্বাস্থ্য কৰ্মীৰ পেট নভৰে।” আশা কৰ্মী