
ৰুতুৰাজ গায়কৱাডৰ বিৰল অভিলেখ ! এটা অভাৰত কোবোলে সাতটা ছয়
সোমবাৰে বিজয় হাজাৰে ট্ৰফীত এক ৰেকৰ্ড গঢ়িলে এজন খেলুৱায়ে। মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ মাজৰ খেলখনত অনুৰাগীসকলে এটা অভাৰত সাতটা ছয় চাবলৈ পাইছিল। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত চেন্নাই চুপাৰ কিংছৰ হৈ খেলা ৰুতুৰাজ গায়কৱাডে এই অভিলেখ গঢ়িছে।
২৮ নৱেম্বৰ, সোমবাৰে বিজয় হাজাৰে ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলৰ যুঁজত বেটাৰ ৰুতুৰাজ গায়কৱাডে একেৰাহে সাতটা ছয় মাৰি লিষ্ট এ ক্ৰিকেট ৰেকৰ্ড ভাঙি পেলাইছে। উত্তৰ প্ৰদেশৰ বিৰুদ্ধে অনুষ্ঠিত এই খেলখনত মহাৰাষ্ট্ৰই প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৩৩০ ৰাণ সংগ্ৰহ কৰে আৰু পাঁচটা উইকেট হেৰুৱায়।
২৫ বছৰীয়া ৰুতুৰাজ গায়কৱাডে ইনিংছৰ ৪৯ তম অভাৰত মুঠ ৪৩ ৰাণ সংগ্ৰহ কৰে, যাৰ ভিতৰত আছে ৬টা ছয়। শিৱ সিঙে এই অভাৰত বল কৰিছিল, য’ত এটা বলও নো-বল আছিল। এটা অভাৰতে একেৰাহে সাতটা ছয় কোবোয়াৰ পিছত ৰুতুৰাজ গায়কৱাড় এনে কৰা পৃথিৱীৰ প্ৰথম জন বেটছমেন হৈ পৰিছে।
মহাৰাষ্ট্ৰৰ অপেনাৰজনে ১৫৯ টা বলত ২২০ ৰাণ কৰি অপৰাজিত হৈ তেওঁৰ খেল সমাপ্ত কৰিছিল। সকলো ধৰণৰ ক্ৰিকেটত এটা অভাৰত সৰ্বাধিক সংখ্যক ছয় মৰা অভিলেখ কেৱল এজন প্ৰাক্তন ব্লেককেপছ উইকেট-কিপাৰ বেটাৰ লী জাৰ্মনে লাভ কৰিছিল। যিয়ে এটা অভাৰত আঠটা ছয় মাৰিছিল ।
ইয়াৰ পূৰ্বে মাত্ৰ চাৰিজন খেলুৱৈয়েহে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা অভাৰত ছয়টা ছয় মাৰিবলৈ কৃতিত্ব অৰ্জন কৰিছে । তেওঁলোক হৈছে – দক্ষিণ আফ্ৰিকাৰ হাৰ্চেল গিবছ, ভাৰতৰ যুৱৰাজ সিং, ৱেষ্ট ইণ্ডিজৰ কাইৰন প’লাৰ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জস্কৰণ মালহোত্ৰা।