টকা গণনা কৰি ভাগৰিছে আয়কৰ বিভাগ ! এইবাৰ মহাৰাষ্ট্ৰৰ ব্যৱসায়ীৰ ঘৰত তালাচী

0
796

টকা গণনা কৰি ভাগৰিছে আয়কৰ বিভাগ ! এইবাৰ মহাৰাষ্ট্ৰৰ ব্যৱসায়ীৰ ঘৰত তালাচী

বৃহস্পতিবাৰে আয়কৰ বিভাগে মহাৰাষ্ট্ৰৰ জালনাত ষ্টিল, বস্ত্ৰ ব্যৱসায়ী আৰু ৰিয়েল ইষ্টেড ডেভল’পাৰৰ চৌহদত এক অভিযান চলাই।

কেন্দ্ৰীয় অনুসন্ধান সংস্থা ইডিৰ পিছত এতিয়া আয়কৰ বিভাগো তৎপৰ হৈ উঠিছে। বংগৰ পিছত, মহাৰাষ্ট্ৰত আয়কৰ বিভাগৰ অভিযানত বহু পৰিমানৰ নগদ ধন পাইছে।

বিভাগটোৱে বৃহৎ পৰিমাণৰ বেনামি সম্পত্তি বিচাৰি পাইছে।আয়কৰ বিভাগে প্ৰায় ৩৯০ কোটি টকাৰ বেনামি সম্পত্তি জব্দ কৰিছে।ইয়াত নগদ ৫৮ কোটি টকা, ৩২ কিলোগ্ৰাম সোণ, হীৰা-মুক্তা আৰু বহুতো সম্পত্তিৰ কাগজ পোৱা গৈছে।

 আয়কৰ বিভাগে ১ ৰ পৰা ৮ আগষ্টৰ ভিতৰত এই অভিযান কৰিছিল। আয়কৰ বিভাগৰ নাছিক শাখাই এই অভিযানটো কৰিছিল।

আয়কৰ বিভাগে পুৱা ৰাতিপুৱা ১১ বজাৰ পৰা টকা গণাৰ আৰম্ভ হৈছিল আৰু নিশা প্ৰায় ১ বজাৰ ভিতৰত নগদ ধন গণনাৰ কাম শেষ হৈছিল।আয়কৰ বিভাগে তথ্য পাইছিল যে জালনাৰ চাৰিটা ষ্টীল কোম্পানীত অনিয়ম হৈ আছে।

যাৰ পিছত আয়কৰ বিভাগে অভিযান চলাইছিল । দলটোৱে তেওঁলোকৰ ঘৰ আৰু কাৰখানাত তালাচি চলাইছিল । কিন্তু তাত একো পোৱা নাছিল।

আয়কৰ বিভাগে পিছত চহৰৰ বাহিৰত থকা ফাৰ্ম হাউচত তালাচী চলাই। এই অভিযানত হীৰা ,নগদ ধন বহুতো সম্পত্তিৰ কাগজ লাভ কৰিলে।