ৰিহানাৰ টুইটৰ বিৰোধিতা কৰা ভাৰতীয় তাৰকাৰ টুইটাৰত অনুসন্ধান চলাব মহাৰাষ্ট্ৰ চৰকাৰে
কৃষক আন্দোলন বিষয়টো বৰ্তমান বিশেষ চৰ্চাত আছে। বহু বিদেশী তাৰকাইও কৃষক আন্দোলনৰ ওপৰত মন্তব্য আগবঢ়োৱা দেখা যায়।ইয়াৰ মাজতে এই টুইট সমূহৰ বিৰোধিতা কৰিছিল ভাৰতীয় তাৰকা সকলে। লতা মংগেশকাৰ, শচীন তেণ্ডুলকাৰৰ লগতে আন বহুত ৰিহানাৰ টুইটৰ বিৰোধিতা কৰিছিল।
ইয়াৰ পিছতে বহু বিতৰ্কৰ সৃষ্টি হৈছিল । বহুতে ভাৰতীয় তাৰকা সকলৰ সমালোচনা কৰা দেখা যায় লগতে একাংশই কয় যে বিজেপিৰ হেঁচাত তেওঁলোকে টুইট কৰে।
মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে সোমবাৰে কয় যে ”মহাৰাষ্ট্ৰ চৰকাৰে সেই সকল ভাৰতীয় তাৰকাৰ টুইটাৰত অনুসন্ধান চলাব যিয়ে বিদেশী তাৰকা সকলে কৃষক আন্দোলনৰ ওপৰত কৰা টুইটৰ বিৰোধিতা কৰিছিল”।
দেশমুখে লগতে কয় যে ”প্ৰদেশ কংগ্ৰেছে এই বিষয়টোৰ ওপৰত অনুসন্ধান চলাবলৈ অনুৰোধ জনাইছিল।উল্লেখ্য যে, কিছুমান তাৰকাৰ তৰফৰ পৰা এটা পোষ্ট এটা সময়তে আহিছিল।যাৰবাবে এই অনুসন্ধান হ’ব” ।
কংগ্ৰেছে সন্দেহ কৰিছে যে ভাৰতীয় তাৰকা সকলে বিজেপিৰ হেঁচাত চৰকাৰৰ প্ৰতি সমৰ্থন দেখুওৱাৰ বাবে ছ’চিয়েল মিডিয়াত এই পোষ্ট কৰে।
আৰু পঢ়ক : বিয়াৰ প্ৰলোভন দি একাদশ শ্ৰেণীৰ ছাত্ৰীৰ লগত শিক্ষকে কৰিছিল যৌন নিৰ্যাতন