মুছলমানৰ মাজত ভেকচিনক লৈ থকা শংকা আঁতৰ কৰাৰ বাবে চলমান খানৰ সহায় ল’ব এইখন চৰকাৰে

0
49
অভিনেতা চলমান খানক সৰ্পদংশন, হস্পিটেলত ভৰ্তি
ফটো সৌজন্য- ইণ্টাৰনেট

মহাৰাষ্ট্ৰৰ মুছলমান বসতি প্ৰধান অঞ্চল সমূহত ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ ক্ষেত্ৰত থকা দ্বিধা আঁতৰ কৰাৰ বাবে বলিউদ অভিনেতা চলমান খানৰ সহায় ল’ব মহাৰাষ্ট্ৰ চৰকাৰে।

মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপে বুধবাৰে তেওঁলোকে মুছলমানৰ মাজত ভেকচিনক লৈ থকা শংকা আঁতৰোৱাৰ বাবে চলমানৰ সহায় ল’ব বুলি প্ৰকাশ কৰে।

টোপে এই প্ৰসংগত বলিউদৰ জনপ্ৰিয় অভিনেতা গৰাকীৰ সৈতে দুই-এদিনতে কথা পতা হ’ব বুলিও জনায়।

চলমান খানৰ উপৰিও ইছলাম ধৰ্মৰ অন্যান্য নেতা সকলকো এইক্ষেত্ৰত মহাৰাষ্ট্ৰ চৰকাৰে একেলগে লৈ মুছলমান সমাজৰ মাজত ভেকচিনৰ ক্ষেত্ৰত থকা শংকা নোহোৱা কৰাৰ বাবে কাম কৰি যাব বুলি কয়।

চলমান খানৰ মহাৰাষ্ট্ৰৰ মুছলমান সমাজৰ মাজত বহু জনপ্ৰিয়তা আছে সেয়েহে চলমান খানক লগত লৈ কাম কৰিলে ভেকচিন অভিযানে আৰু অধিক সফলতা অৰ্জন কৰাত সুবিধা হ’ব বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয়।

মহাৰাষ্ট্ৰত বৰ্তমানলৈ ১০.৪৪ কোটি ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে।

আৰু পঢ়ক : গৰুৰ গোবৰ খাই ইয়াৰ উপকাৰিতাৰ বিষয়ে জনালে চিকিৎসকে, ভিডিঅ’ চালে চকু কপালত উঠিব আপোনাৰ