28 C
Guwahati
Friday, September 17, 2021
More

    এখন ৰাজ্যত ১৫ দিনলৈ লকডাউন বৃদ্ধি, আন এখনত আজিৰে পৰা আনলক

    দেশৰ কৰাণাৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে। মৃতকৰ সংখ্যাও কিছু নিম্নগামী হোৱা পৰিলক্ষিত হৈছে। পিছে কোনো কোনো ঠাইত আকৈ ক’লা ভেকুৰ তথা ব্লেক ফাংগছৰ সংক্ৰমণ। যাৰ বাবেই দেশৰ এখন ৰাজ্যত আজিৰে পৰা কিছু শিথিল লকডাউন, কবলৈ গলে আনলক প্ৰক্ৰিয়া আৰম্ভ।

    আনহাতে এখন ৰাজ্যত আৰু ১৫ দিনলৈ বৃদ্ধি কৰা হৈছে লকডাউন। কৰণা আৰু ব্লেক ফাংগাছৰ বাবেই লকডাউন বৃদ্ধিৰ সিন্ধান্ত মহাৰাষ্ট্ৰত।

    এফালে দিল্লীত আজিৰে পৰা আনলক, এফালে মহাৰাষ্ট্ৰত আজিৰে পৰা আৰু ১৫ দিনলৈ লকডাউন বৃদ্ধি। দিল্লীত অৱশ্যে এতিয়াও মেট্ৰ’ ৰেল সমূহ খোল নাখাই। আনলকৰ প্ৰথম সপ্তাহত কেৱল ফেক্টৰী আৰু কনষ্ট্ৰাকশনৰ কাম আৰম্ভ কৰাৰ অনুমতি।

    ইয়াৰ বাহিৰে বাকি সকলো পূৰ্বৰ দৰেই কাৰ্ফিউ থাকিব। ফেক্টৰী আৰু কনষ্ট্ৰাকশনৰ লগতে অত্যন্ত প্ৰয়োজনীয় সামগ্ৰীৰ বাবে খোল খাব এই কাৰ্ফিউ। সাধাৰণ জনতাৰ বাবে ৭ জুনলৈ অব্যাহত থাকিব কাৰ্ফিউ।

    আনহাতে মহাৰাষ্ট্ৰত -জুন তাৰিখে লকডাউন শেষ হোৱাৰ কথা আছিল পিছে তেনে সময়তে উদ্ধৱ থাকৰে চৰকাৰে কয় যে,কৰণাৰ সংক্ৰমণ হ্ৰাস পালেও ইয়াৰ তৃতীয় ঢৌৰ বাবেই এই সিদ্ধান্ত। তৃতীয় ঢৌ অহাৰ পূৰ্বেই সকলো সাবধানতা অৱলম্বণ কৰাতো প্ৰয়োজন বুলি মত প্ৰকাশ কৰে।

    আৰু পঢ়ক : ৰাজ্যত টেট উত্তীৰ্ণ শিক্ষক সকলৰ বাবে অতি শীঘ্ৰে আহি আছে ভাল খৱৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং