কাইলৈ মহালয়া- কিন্তু কি এই মহালয়া, কিয় উদযাপন কৰা হয়, কোনে প্ৰদান কৰিছিল দেৱী দূৰ্গাক নেত্ৰ …

0
1407
প্ৰতিনিধিত্বমূলক চিত্ৰ

কাইলৈ মহালয়া- কিন্তু কি এই মহালয়া, কিয় উদযাপন কৰা হয়, কোনে প্ৰদান কৰিছিল দেৱী দূৰ্গাক নেত্ৰ …

দুৰ্গা পূজাৰ আৰম্ভণিতে উদযাপন কৰা হয় এই মহালয়া। হিন্দু পৌৰাণিক বিশ্বাস অনুসৰি, এই মহালয়াৰ দিনটোত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক দমনৰ বাবে দেৱী দুৰ্গাৰ সৃষ্টি কৰিছিল। এই দিনটোতে দেৱী দুৰ্গাই পৃথিৱীলৈ আগমন কৰা বুলি লোকবিশ্বাস কৰা হয়।

এই দিনটোতে তিনিও দেৱে দেৱী দূৰ্গাত তিনি নেত্ৰ প্ৰদান কৰি সম্পূৰ্ণ কৰি তুলিছিল। সেয়ে এই মহালয়াৰ দিনটোত দেৱী দূৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ হিচাপে নেত্ৰ অঁকা হয়। লগতে ধৰালৈ আগমন হোৱা বুলি পূজা কৰা হয়।

তিনি নেত্ৰৰ বাবেই মা দুৰ্গাক ত্ৰিনয়নী দুৰ্গা বুলিও জনা যায়। এই তিনিও চকুৰে আছে তিনি ভিন্ন মহত্ব। দেৱীৰ বাওঁ চকুৱে আকাংক্ষা বা চন্দ্ৰক প্ৰতিনিধিত্ব কৰে, সোঁ চকুৱে কাৰ্য বা সূৰ্যৰ প্ৰতীক, আৰু কেন্দ্ৰীয় বা তৃতীয় চকুৱে জুই আৰু জ্ঞান প্ৰতিনিধিত্ব কৰে। এই তকু হৈছে শিৱই দিয়া তৃতীয় চকু বা চেতনাৰ চকু।

মান্যতা অনুসৰি এই মহালয়াৰ দিনটোতে মা দুৰ্গাই কৈলাসৰ পৰা মাতৃৰ গৃহ এই ঘৰালৈ বুলি আহে। বৈদ্য়িক কেলেণ্ডাৰ অনুসৰি দুৰ্গা পূজাৰ এট সম্পাহ পূৰ্বে এই মহালয়া উদযাপন কৰা হয়।

মহালয়াৰো আছে শুভ -অশুভ কাৰক-
কিয় শুভ- মহালয়াৰ দিনটোৰ পৰা মাতৃৰ পক্ষ আৰম্ভ হয়, সকলো অশুভ শক্তি ধ্বংস হয়, সেয়ে মহালয়া শুভ। দুৰ্গা পূজাই আনন্দ, আশা, ভাল আত্মা কঢ়িয়াই আনে। ইয়াৰ উপৰিও, পূৰ্বপুৰুষসকলক হিন্দু ধৰ্মৰ যিকোনো শুভ কামত স্মৰণ কৰা হয়।

কিয় অশুভ-
আন এক দৃষ্টিভংগী অনুসৰি, মহালয়াৰ দিনা, পিতৃসকলক তৰ্পণ আগবঢ়োৱাৰ পৰম্পৰা আছে, অৰ্থাৎ পানী দিয়া।  পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ দিন, বহুতে ভাবে যে এইটো প্ৰকৃততে শোকৰ দিন। অৱশ্যে, ভাল হওঁক বা বেয়া হওঁক, মহালয়াক লৈ এই বিবাদ অব্যাহত থাকিব, কিন্তু দৰাচলতে, যিকোনো উৎসৱ এক সভাৰ স্থান। সেয়েহে, সকলো বেয়া পাহৰি ভাল শক্তি, ভাল আত্মা অনাটো সকলোৰে মনত বাঞ্ছনীয়।