25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    দ্বিতীয় আৰু তৃতীয় পৰ্যায় আমাৰ এলেকা, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নহয় : আজমল

    দ্বিতীয় আৰু তৃতীয় পৰ্যায় আমাৰ এলেকা, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নহয় : আজমল

    বুধবাৰে চাপৰত মিত্ৰজোঁট আৰু মহাজোঁটৰ দুখনকৈ হাইভল্টেজ নিৰ্বাচনী সভা অনুষ্ঠিত হয়।

    ২৭নং বিলাসীপাৰা পূব সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী তথা বিধায়ক অশোক কুমাৰ সিংঘীৰ হৈ প্ৰচাৰ চলাবলৈ চাপৰৰ শালকোচাত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

    ইয়াৰ বিপৰীতে সমষ্টিটোৰ মহাজোঁটৰ AIUDFৰ মনোনীত প্ৰাৰ্থী ছামছুল হুদাৰ হৈ প্ৰচাৰ চলাবলৈ চাপৰৰ গান্ধী ময়দানত উপস্থিত হয় মৌলানা বদৰুদ্দিন আজমল।

    হাজাৰ হাজাৰ জনসাধাৰণক উদ্দেশ্যি সাংসদ বদৰুদ্দিন আজমলে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি বিধায়ক অশোক কুমাৰ সিংঘীক তীব্ৰ সমালোচনা কৰে।

    সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত সাংসদ বদৰুদ্দিন আজমলে কেৱাটাও গুৰুত্বপুৰ্ণ মন্তব্য আগবঢ়ায়।

    সাংসদজনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অধিক আক্ৰমনাত্মক হৈ কয় যে এইবাৰ অংক কৰাৰ পাল মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ। ইভিএম বদলি কৰে বা অইন কিবা কৰে কৰক। এইবাৰ মন্ত্ৰী হিমন্ত বিশ্বৰ সকলো অংকই ফেল মাৰিব।

    প্ৰথম পৰ্যায়ত মহাজোঁটে ২২ খনৰো অধিক আসন পাব বুলি মন্তব্য কৰি আজমলে কয় দ্বিতীয় আৰু তৃতীয় পৰ্যায় আমাৰ এলেকা, মন্ত্ৰীহিমন্ত বিশ্ব শৰ্মাৰ নহয়।

    ইফালে তিনিবাৰৰ মন্ত্ৰী শুকুৰ আলী আৰু সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে AIUDF ক নিশেষ কৰাৰ কৌশল কৰাৰ বাবেহে চৰকাৰ গঠনৰ ছাবি আজমলৰ হাতত থকা বুলি মন্তব্য কৰা বুলি সাংসদগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

    ইয়াৰ উপৰি মহাজোঁটৰ চৰকাৰ হ’লে মুখ্যমন্ত্ৰী কংগ্ৰেছৰেই হ’ব বুলি মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে।

    চাপৰৰ পৰা নবীন চক্ৰৱৰ্তী

    আৰু পঢ়ক : আৰক্ষীৰ বৃহৎ সফলতা, হত্যাকাণ্ডৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে হত্যাকাৰী গ্ৰেপ্তাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং