বিশ্ববাসীক মন্ত্ৰমুগ্ধ কৰা মহান যাদুকৰ অপী শৰ্মা আৰু নাই

0
83

মহান যাদুকৰ অপী শৰ্মা আৰু নাই

অসাধাৰণ যাদু কৌশলেৰে বিশ্বৰ সকলো লোককে মন্ত্ৰমুগ্ধ কৰা ভাৰতৰ বিখ্যাত যাদুকৰ অপী শৰ্মা আৰু নাই। ৮০ বছৰীয়া শৰ্মাই শনিবাৰে নিশা ফৰ্চুন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ খবৰে এতিয়া সমগ্ৰ কানপুৰতে শোকৰ ঢৌ তুলিছে।

উল্লেখযোগ্য যে তেওঁ শ্ব’বোৰত প্ৰায়ে কৈছিল, যাদুকৰি কোনো ক্ষন্তেকতে হোৱা সাধনা নহয়। ইয়াৰ লগত কিমান কষ্ট আৰু প্ৰত্যাহ্বান জড়িত হৈ আছে সেয়া সকলোৱে অনুমান কৰিব নোৱাৰে।

২০০২ চনত সমাজবাদী পাৰ্টীৰ টিকটত গোবিন্দ নগৰৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা অপী শৰ্মাই ২০১৯ চনৰ ১০ আগষ্টত লাজপাট ভৱনত তেওঁ বিজেপিত যোগদান কৰিছিল।

যাদুকৰ অপী শৰ্মাৰ লগত আছিল এটা বৃহৎ দল। যেতিয়াই তেওঁ কোনো চহৰত শ্ব’ কৰিবলৈ গৈছিল, তেতিয়া তেওঁৰ লগত আছিল ১০০ৰো অধিক লোকৰ এটা দল।

তেওঁৰ দলত পুৰুষ-মহিলা শিল্পী, সংগীতজ্ঞ, গায়ক, মেক-আপ মেন, লাইটিং কণ্ট্ৰ’লাৰ, পেইণ্টাৰ, টেইলাৰ আদি বহুতো সহযোগী আছিল। এইবোৰৰ বাহিৰেও তেওঁৰ লগত আছিল ৰান্ধনী, ধোৱা আদিৰ এটা দলো।

অৱশেষত শণিবাৰৰ দিনটোত সকলোৰে পৰা এই মহান ব্যক্তি জনে বিদায় লয়।