মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিজেপি নেতা বাবুলাল গৌৰৰ বুধবাৰে পুৱা ভূপালৰ নৰ্মদা হাস্পতালত দেহাৱসান। ৮৯ বছৰীয়া বাবুলাল গৌৰৰ মঙলবাৰে স্বাস্থ্যৰ অৱনতি ঘটে। তেওঁৰ ৰক্ত চাপ হ্ৰাস হৈছিল।
গৌৰৰ বৃক্ক সম্পূৰ্ণৰূপে বিকল হৈছিল। বিগত ১৪ দিনত নৰ্মদা হাস্পতালত ভেণ্টিলেটৰত ৰখা হৈছিল। বিজেপিয়ে জনোৱা অনুসৰি বাবুলাল গৌৰৰ নশ্বৰ দেহ বুধবাৰে ১২.৩০ বজাত তেওঁৰ বাসগৃহৰ পৰা বিজেপি কাৰ্যালয়লৈ ৰাওনা হয়, বিজেপিৰ কৰ্মকৰ্তাসকলে আৰু সাধাৰণ জনতাই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।
পিছত তেওঁৰ নশ্বৰ দেহ অন্তিম যাত্ৰা ভূপালৰ সুভাষ নগৰৰ বিশ্ৰাম ঘাটলৈ ৰাওনা হ’ব। দুপৰীয়া ২ বজাত তেওঁৰ অন্তিম সংস্কাৰ কৰা হ’ব।