হাতীত অহাৰ পাছত আজি নাৱত গমন কৰিব মা দুৰ্গাই, ইয়াৰ অৰ্থ কি!

0
63432

হাতীত অহাৰ পাছত আজি নাৱত গমন কৰিব মা দুৰ্গাই, ইয়াৰ অৰ্থ কি!

এইবাৰ দুৰ্গা পূজাত মা দুৰ্গাই হাতীত আহিছিল ধৰালৈ। মনুষ্যৰ পৰা পূজা অৰ্চনা গ্ৰহন কৰিগ আজি নাৱেৰে উভতনি যাত্ৰা দুৰ্গাৰ।

হাতীৰ ওপৰত উঠি অহাৰ ফলাফল এই যে সকলোতে সুখ আৰু সমৃদ্ধি থাকিব আৰু বৰষুণৰ পৰিমাণ প্ৰচুৰ থাকে। তাকেই প্ৰতিফলিত কৰি এইবাৰ বহু ঠাইত বৰষুণ বৰষে।

আগমনৰ ফল অনুসাৰে সুখ আৰু সমৃদ্ধিৰ লক্ষণ হ’ব কিন্তু বিদায় নাৱত হব যিয়ে শুভ ফলাফল নিদিব।

নাও পানীৰ বাহন আৰু ই বানপানী আৰু ভাল শস্য চপোৱা দুয়োটা সূচায়। যেতিয়া দেৱীয়ে নাৱেৰে আহে, ইয়াৰ অৰ্থ হৈছে দেৱীয়ে আপোনাক আপোনাৰ চূড়ান্ত লক্ষ্যত উপনীত হ’বলৈ আশীৰ্বাদ দিব।