31 C
Guwahati
Thursday, September 29, 2022
More

    সংসদতে উচুপি উঠিল এম ভেংকায়া নাইডু ! ক’লে ‘আমি যাত্ৰী আকৌ কেতিয়াবা লগ হ’ম’

    সংসদতে উচুপি উঠিল এম ভেংকায়া নাইডু ! ক’লে ‘আমি যাত্ৰী আকৌ কেতিয়াবা লগ হ’ম’

    ৰাজ্যসভাৰ সদস্যসকলে সোমবাৰে ভাৰতৰ অধ্যক্ষ আৰু উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুক বিদায় জনায়। ভেংকায়া নাইডুৰ কাৰ্যকাল ১০ আগষ্টত শেষ হ’ব।

    আৰু ১১ আগষ্টত নতুন উপ-ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰিব। আজি উপ ৰাষ্ট্ৰপতি গৰাকীক সংসদতে বিদায় জনোৱা হয়। এই সময়ছোৱাত উপ ৰাষ্ট্ৰপতি গৰাকীয়ে বিদায় ভাষণ দিয়াৰ সময়ত আৱেগিক হৈ পৰে।

    ভেংকায়া নাইডুৱে কয় যে যেতিয়া মোক দল এৰি উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব দিয়া হৈছিল সেইটো মোৰ বাবে এক অতি আৱেগিক মুহূৰ্ত আছিল।

    বিদায়ী উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুলৈ দিয়া বিদায় ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁক প্ৰশংসা কৰে।

    বিশেষকৈ তেওঁৰ বাকপটুতাৰ প্ৰশংসা কৰি মোডীয়ে কয় যে তেওঁৰ ভাষণক কলা বুলি গণ্য কৰিছিল। কিতাপৰ শিৰোনামত আপোনাৰ প্ৰতিভা শব্দপ্ৰতিফলিত হয় যাৰ বাবে আপুনি জনাজাত।

    আনহাতে তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰাইনে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ বিদায়ী মুহূৰ্তত তেওঁৰ শৈশৱৰ কথা কোৱাত উপ-ৰাষ্ট্ৰপতি গৰাকী আবেগিক হৈ পৰে।

    ডেৰেক অ’ব্ৰাইনে কয় যে ভেংকায়া নাইডুৱে মাতৃক তেতিয়াই হেৰুৱাইছিল যেতিয়া তেওঁৰ মাত্ৰ ১ বছৰীয়া আছিল। তৃণমূলৰ সাংসদ গৰাকীৰ এই ভাষণৰ সময়ত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে উচুপি উঠে।

    বিদায় ভাষণত উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে কয় যে সমগ্ৰ বিশ্বই লক্ষ্য কৰি আছে যে ভাৰত আগবাঢ়িছে।

    মই ৰাজ্যসভাৰ সাংসদসকলক শালীনতা, মৰ্যাদা বজাই ৰাখিবলৈ অনুৰোধ জনাইছো যাতে সদনৰ ভাবমূৰ্তি আৰু সন্মান সঠিক ভাৱে থাকে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং