গণতান্ত্ৰিক আন্দোলন কৰা অসমৰ জীয়ৰী-বোৱাৰীৰ ওপৰত চলোৱা প্ৰতিটো লাঠীৰ কোবৰ হিচাপ দিব লাগিবঃ লুৰিণজ্যোতি গগৈ

নাহৰকটীয়া আছুৰ উদ্যোগত আয়োজন কৰা এই গণ নিনাদ কাৰ্যসূচীত উপস্থিত আছিল আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ

0
66

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনেৰে বছৰৰ অন্তিমটো দিনক বিদায় দিলে ডিব্ৰুগড়ৰ জনতাই। CAAৰ বিৰুদ্ধে নাহৰকটীয়াৰ ডিচাম খেলপথাৰত সমবেত হ’ল হাজাৰ হাজাৰ জনতা। নাহৰকটীয়া আছুৰ উদ্যোগত আয়োজন কৰা এই গণ নিনাদ কাৰ্যসূচীত উপস্থিত আছিল আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ।

গণতান্ত্ৰিক আন্দোলন কৰা অসমৰ জীয়ৰী-বোৱাৰীৰ ওপৰত চলোৱা প্ৰতিটো লাঠীৰ কোবৰ হিচাপ দিব লাগিব বুলি উল্লেখ কৰি আছু নেতা লুৰিণজ্যোতিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা দিয়ে। উল্লেখ্য যে দুই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা এই গণ নিনাদ কাৰ্যসূচীত বিভিন্ন জাতীয় জনগোষ্ঠীয় দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে শিল্পী ৰাজিৱ শদীয়াই উপস্থিত থাকি প্ৰতিবাদী গীত পৰিৱেশন কৰে।

Photo: Time8