23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    চৰ্ত সাপেক্ষে অন্য দলৰে মিত্ৰতা আগবঢ়োৱাৰ ইংগিত লুৰিন জ্যোতি গগৈৰ

    চৰ্ত সাপেক্ষে অন্য দলৰে মিত্ৰতা আগবঢ়োৱাৰ ইংগিত লুৰিন জ্যোতি গগৈৰ

    ইতিমধ্যে সমাপ্ত হৈছে অসম বিধানসভা নিৰ্বাচন। অহা ২ মেত ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল । ইয়াৰ মাজতে আজি লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে যে অসমৰ জনগণৰ সুৰক্ষা প্ৰধান।

    গগৈয়ে কোনো দলৰ লগত চৰ্ত সাপেক্ষে মিত্ৰতা কৰাৰ ইংগিত দিয়ে। তেওঁ কয় যে জনগনৰ স্বাৰ্থক লৈ সকলো সিদ্ধান্ত লোৱা হ’ব। লগতে কয় যে ”জাতীয় চেতনাৰে সমৃদ্ধ চৰকাৰ কৰাৰ ক্ষেত্ৰত এইবাৰ এই পৰিৱেশ তৈয়াৰ হৈছে। সেই সমগ্ৰ কথাটোত অসম জাতীয় পৰিষদৰ এটা শক্তিশালী ভূমিকা থাকিব। অসম জাতীয় পৰিষদে কিমান সংখ্যক আসন পাম সেয়া কোৱা নাই। কিন্তু ২ মে’ত গম পাব যে অসমৰ ৰাইজে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে”।

    কোনো দলৰ লগত চামিল হোৱাৰ প্ৰশ্নত গগৈয়ে কয় যে এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। ফলাফললৈ অপেক্ষ কৰক। আপোচবিহীন ভাৱে গ্ৰহণ কৰা হ’ব সিদ্ধান্ত। জনতাৰ ওপৰত আস্থা আছে। অসমৰ জনগন প্ৰথম, অসমৰ ভৱিষ্যতৰ লৈ আমি চিন্তিত সেই হিচাপে সিদ্ধান্ত লম। আমাৰ মূল জনগনৰ সুৰক্ষিত ভৱিষ্যত এনেদৰে মন্তব্য কৰে গগৈয়ে।

    উল্লেখ্য যে, নিৰ্বাচনৰ আগত এজেপিয়ে কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত যোগদান নকৰাৰ কথা ঘোষণা কৰিছিল।‌তাৰ পিছতে আজি লুৰিণৰ এই‌ কৌশলী মন্তব্য ই প্ৰশ্ন উত্থাপন কৰিছে বহুতৰ মনত।

    আৰু পঢ়ক : কিশোৰীক ধৰ্ষণ কৰি ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগত দুই যুৱকক আটক খেৰণিৰ আৰক্ষী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং