লুৰীণজ্যোতি গগৈয়েও সলনি কৰিব নেকি সিদ্ধান্তঃ আছুৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি দিলে কিহৰ ইংগিত…

0
534
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মুখত ইভিএম টেম্পাৰিঙৰ প্ৰসংগ, ক'লে বাজেটত কি আছে...
ফাইল ফটো

মাত্ৰ কেইদিনমান পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব ত্যাগ কৰা নেতা লুৰীণজ্যোতি গগৈয়ে সোমবাৰে তেওঁ আছু ত্যাগ কৰাৰ প্ৰসংগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। নেতাগৰাকীয়ে আছুৰ নতুনকৈ গঠিত হোৱা সমিতিখনৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি কোনো কাৰণতে তেওঁৰ পথ সলনি নহয় বুলি সদৰি কৰে।

গগৈয়ে সাংবাদিকৰে হোৱা সাক্ষাতকাৰত কয়, ”মোৰ বাট এটাই, ছাত্র সন্থাত থাকোতে যিটো বাট আছিল এতিয়াও সেইটো বাটেই থাকিব।” ইয়াৰ সমান্তৰালকৈ তেওঁ জাতীয় সংগ্ৰামৰ আপোচহীন যোদ্ধা হৈ থাকিব বুলিও সদৰি কৰিব।

”মই যতেই নাথোকো, মই সদায় জাতীয় সংগ্ৰামৰ আপোচহীন যোদ্ধা হৈ থাকিব বিচাৰো।” এনেদৰেও কয় নেতাগৰাকীয়ে। ইফালে পূৰ্বেও নিজৰ সিদ্ধান্ত সলনি নকৰাৰ কথা কোৱা নেতাগৰাকীয়ে সোমবাৰেও একপ্ৰকাৰে পৰোক্ষভাৱে নিজৰে সতীৰ্থ একাংশ নেতাক সমালোচনা কৰে।

সিদ্ধান্তৰ কথা সদৰি কৰি নেতাগৰাকীয়ে কয়, ”মই লোৱা সিদ্ধান্ত ইফাল সিফাল নহয়। আনেও এই সিদ্ধান্ত ললে ভাল।” নিজৰ যে সিদ্ধান্ত কম সময়তে সলনি নহয় সেই কথা উল্লেখ কৰি গগৈয়ে কয়, ”দুপৰীয়া ১বজাৰ আগতে (নতুন সমিতিয়ে শপতগ্ৰহণৰ আগতে) ছাত্র সন্থাৰ সাধাৰণ সম্পাদক হিছাপে যি বাট আছিল ১ বজাৰ পিছতো সেই একেটা বাট আছে।”