কাইলৈ ঘোষণা কৰা হ’ব টেট(এল পি আৰু য়ু পি)২০২১ পৰীক্ষাৰ ফলাফল, এইদৰে চাব পাৰিব ফলাফল?

0
169
কাইলৈ ঘোষণা কৰা হ’ব টেট(এল পি আৰু য়ু পি)২০২১ পৰীক্ষাৰ ফলাফল

কাইলৈ ঘোষণা কৰা হ’ব টেট(এল পি আৰু য়ু পি)২০২১ পৰীক্ষাৰ ফলাফল, এইদৰে চাব পাৰিব ফলাফল?

অসম সৰ্বশিক্ষা অভিযানে কাইলৈ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ যোগ্যতা পৰীক্ষা চমুকৈ টেট পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব।

৩১ অক্টোবৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

আজি এক টুইটযোগে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কাইলৈ এল পি আৰু য়ু পি টেটৰ ফলাফল ঘোষণা কৰা হ’ব বুলি উল্লেখ কৰে।

“এল পি আৰু য়ু পিৰ সাধাৰণ টেট পৰীক্ষাৰ ১৫ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা উপলব্ধ হ’ব,” শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এইদৰে কয়।

টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী সকলে ssa.assam.gov.in আৰু  sebaonline.org ৱেবচাইটলৈ গৈ নিজৰ নিজৰ ফলাফল সমূহ চাব পাৰিব।

আৰু পঢ়ক : সুশানৰ ওপৰত অধিক গুৰুত্ব দিবলৈ বিজেপি শাসিত ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ আহ্বান প্ৰধান মন্ত্ৰীৰ