প্ৰভুভক্ত! এটি পোহনীয়া কুকুৰে মানি ল’ব পৰা নাই মালিকৰ মৃত্যু, প্ৰায় ১ সপ্তাহ ধৰি বহি থাকিল কবৰৰ ওচৰত

0
4889
প্ৰভুভক্ত! এটি পোহনীয়া কুকুৰে মানি ল'ব পৰা নাই মালিকৰ মৃত্যু, প্ৰায় ১ সপ্তাহ

প্ৰভুভক্ত! এটি পোহনীয়া কুকুৰে মানি ল’ব পৰা নাই মালিকৰ মৃত্যু, প্ৰায় ১ সপ্তাহ ধৰি বহি থাকিল কবৰৰ ওচৰত

কুকুৰক প্ৰভুভক্ত বুলি গন্য কৰা হয়। কুকুৰৰ তেওঁলোকৰ মালিকৰ বাবে থকা মৰম আৰু কৃতজ্ঞতা অতুলনীয়।ইয়াৰ মাজতে ফেৰো নামৰ এটা পোহনীয়া কুকুৰ ছ’চিয়েল মিডিয়াত বিশেষ চৰ্চাত আছে।

এই কুকুৰটোৱে মালিকৰ লগত প্ৰায় ১১ বছৰৰ পৰাই আছিল। ইয়াৰ পিছতেই মালিকৰ মৃত্যু হয় আৰু কুকুৰটো মালিকৰ মৃতদেহৰ কাষতে বহুদিন ধৰি থাকে।

জাৰ্মান চেফৰ্ড প্ৰজাতিৰ ফেৰো নামৰ কুকুৰটো প্ৰায় ১ সপ্তাহ ধৰি মালিকৰ কবৰৰ ওচৰত বহি আছে। কুকুৰটোৱে বিশ্বাস কৰিব পৰা নাই যে তেওঁৰ মালিকৰ মৃত্যু হৈছে। ফেৰোৰ মালিকৰ নাম আছিল ওমৰ গুৱেন।

ওমৰ টুৰ্কীৰ ট্ৰাবজাৰ্ণ প্ৰান্তত বাস কৰে। তেওঁ পত্নীৰ মৃত্যুৰ পিছতেই ফেৰোক লগত ৰাখিছিল।জানিব পৰা মতে ব্যক্তি গৰাকীয়ে কুকুৰ মেকুৰীক যথেষ্ঠ মৰম কৰিছিল।

২৯ অক্টোবৰত ৯২ বছৰীয়া ওমৰৰ মৃত্যু হয় আৰু তেতিয়াৰ পৰাই মৃতদেবৰ কবৰৰ ওচৰত বহি আছে ফেৰ নামৰ প্ৰভুভক্ত কুকুৰটো।

আৰু পঢ়ক : ভুল নকৰিব বৰফ নহয়, কিন্তু দেখাত সাইলাখ বৰফ, তাৰ মাজতেই ছট পূজাৰ স্নান বহু লোকৰ