29 C
Guwahati
Thursday, October 21, 2021
More

    প্ৰধানমন্ত্ৰী মোদীক উপহাৰ দিয়া লাভলীনাৰ পদকজয়ী গ্লাভছযোৰৰ নিলাম মূল্য উঠিছে ১.৯২ কোটিলৈ

    প্ৰধানমন্ত্ৰী মোদীক উপহাৰ দিয়া লাভলীনাৰ পদকজয়ী গ্লাভছযোৰৰ নিলাম মূল্য উঠিছে ১.৯২ কোটিলৈ

    অলপতে অনুষ্ঠিত হৈ যোৱা টকিঅ’ অলিম্পিকছ আৰু পেৰালিম্পিকছত ভাৰতৰ প্ৰদৰ্শন আছিল যথেষ্ট আকৰ্ষণীয়। টকিঅ’ৰ পৰা উভতি অহাৰ পিছত খেলুৱৈসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰি উৎসাহ জনোৱাৰ লগতে খেলুৱৈসকলেও তেওঁক বিভিন্ন উপহাৰ প্ৰদান কৰিছিল।

    খেলুৱৈসকলৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে লাভ কৰা উপহাৰ সমূহ এতিয়া নিলাম কৰা হৈছে। এই সকলো সামগ্ৰী ক্ৰয়ৰ বাবে বিভিন্ন লোক আগবাঢ়ি অহাও পৰিলক্ষিত হৈছে।

    জেভলিন থ্ৰ’ত ভাৰতক প্ৰথমটো স্বৰ্ণপদক উপহাৰ দিয়া নীৰজ চোপ্ৰাৰ জেভলিনডাল ক্ৰয় কৰিবলৈ অনলাইনত ১০ কোটিৰো অধিক টকা দি আছে। জেভলিনডাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ দিছিল চোপ্ৰাই।

    ইফালে বক্সিঙত ব্ৰঞ্জ পদক অৰ্জন কৰা অসম কন্যা লাভলীনা বৰগোঁহাইয়ে প্ৰধানমন্ত্ৰীক প্ৰদান কৰা বক্সিং গ্লাভছযোৰৰ প্ৰাৰম্ভিক মূল্য ৮০ লাখ নিৰ্ধাৰণ কৰা হৈছিল যদিও শুকুৰবাৰলৈ ইয়াৰ মূল্য ১.৯২ কোটি টকালৈ উঠিছে।

    ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা বিভিন্ন উপহাৰো ই-নিলামৰ বাবে ৰখা হৈছে।

    নিলামৰ ফলত লাভ কৰিবলগীয়া ধনৰাশি নমামি গংগে যোজনাত খৰছ কৰিব।

    শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ই-নিলাম সমাপ্ত হ’বলৈ আৰু ১৯ দিন বাকী আছে।      

    আৰু পঢ়ক : এখন ঘৰতে ৪লোকৰ ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ, লগতে উদ্ধাৰ ভোকত প্ৰাণ হেৰুওৱা ৯ মহীয়া শিশু, দৈব্যক্ৰমে ৰক্ষা আঢ়ৈ বছৰীয়া শিশু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং