অলিম্পিক পদক বিজয়ী লাভলীনাক বিলাসী বাহন উপহাৰ

0
16356
অলিম্পিক পদক বিজয়ী লাভলীনাক বিলাসী বাহন উপহাৰ

অলিম্পিক পদক বিজয়ী লাভলীনাক বিলাসী বাহন উপহাৰ

সদ্য সমাপ্ত টকিঅ’ অলিম্পিকত ব্ৰঞ্জ পদক জয় কৰি সমগ্ৰ দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁইক উপহাৰ হিচাপে প্ৰদান কৰিছে এখন ৰেণ’ল্ট কিগাৰ বাহন।

মহানগৰী ছয়মাইলস্থিত ৰেণ’ল্টৰ ইন্টেগ্ৰা শ্ব’ ৰুমত অনুষ্ঠিত এক কাৰ্যসূচীত লাভলীনাক প্ৰদান কৰা হয় এই বিলাসী বাহনখন।

কিগাৰ হৈছে ভাৰতত ডিজাইন আৰু বিকশিত কৰা নতুন চাব ফ’ৰ মিটাৰ কম্পেক্ট এছ ইউ ভি কাৰ।

এই বাহনখনৰ চাবি লাভলীনা বৰগোহাঁইৰ হাতত অৰ্পণ কৰে ৰেণ’ল্ট ইণ্ডিয়াৰ বিক্ৰী আৰু বিপনন বিভাগৰ উপ-সভাপতি সুধীৰ মালহোত্ৰাই।

উপহাৰ লাভ কৰি উৎফুল্লিত লাভলীনাই কয়, ‘মোৰ আৰু দেশবাসীৰ সপোন মোৰ বাবে গুৰুত্বপূৰ্ণ। এই সপোন পূৰণৰ বাবে মই যথেষ্ট কষ্ট কৰিব লাগিব। এইখন মোৰ প্ৰথম গাড়ী আৰু ইয়াক লৈ মই সুখী’।

লাভলিনাৰ এতিয়া পৰৱৰ্তী লক্ষ্য হ’ল আইবা ওমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ ২০২১, বাৰ্মিংহাম কমনৱেল্থ গেইমছ আৰু ২০২২ বৰ্ষত চীনত হ’বলগীয়া এছিয়ান গেইমছত পদক অৰ্জন কৰা।  

আৰু পঢ়ক : ফুচকা পানীত প্ৰস্ৰাৱ মিহলোৱা পদপথৰ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ, দৃশ্য ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত