31 C
Guwahati
Saturday, August 6, 2022
More

    হায়ৰে প্ৰেম, প্ৰেমিকাৰ বাবে চুৰি কৰিবলৈ গৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ প্ৰেমিক চোৰ

    হায়ৰে প্ৰেম, প্ৰেমিকাৰ বাবে চুৰি কৰিবলৈ গৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ প্ৰেমিক চোৰ। প্ৰেমৰ বাবে জোন বেলি তৰা আনিবলৈয়ো সাজু প্ৰেমিক। প্ৰেমিকাই যি বিচাৰে সকলো দিবলৈ যি কোনো কাম কৰিবলৈ সাজু প্ৰেমিক।

    গুৱাহাটী মহানগৰীত আৰক্ষীৰ হাতত ধৰা পৰিল তেনেই এগৰাকী প্ৰেমিক। হাতত নাই ধন কিন্তু প্ৰেম কৰিবলৈ মন।প্ৰেমিকাৰ বাবে চুৰি কৰিবলৈ গৈ চানমাৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চোৰ।

    গুৱাহাটীৰ চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বামুনিমৈদামৰ বিশ্বজিত সূত্ৰধৰ ওৰফে টিকলা গাহৰি আৰু জ্যোতিনগৰৰ বাবুল আলী নামৰ চোৰ দুটাক।

    মহানগৰৰ জ্যোতিনগৰত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা অনুসৰি, জ্যোতিনগৰৰ বাসিন্দা ৰাকেশ শৰ্মাৰ ঘৰত যোৱা ২৫ জুলাইত ঘৰত কোনো নথকাৰ সুযোগ লৈ দিন দুপৰতে দুটা চোৰে আহি ঘৰৰ তলা ভাঙি নগদ ধন আৰু বহু মূল্যবান সামগ্ৰী লুটি নিয়ে।

    ঘৰৰ গৰাকী ৰাকেশ শৰ্মাই ঘৰলৈ আহি ঘৰত চুৰি হোৱা কাৰ্য ধৰা পেলায়। ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰাকেশ শৰ্মাই চানমাৰি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৰাকেশ শৰ্মাৰ ঘৰৰ চি চি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি বৃহস্পতিবাৰে নিশা দুই চোৰক গ্ৰেপ্তাৰ কৰে৷

    আৰক্ষীৰ আগত চোৰ বিশ্বজিত সূত্ৰধৰ ওৰফে টিকলা গাহৰিয়ে কয়,” মই এইবোৰ প্ৰেমৰ কাৰণে কৰিছিলো৷” প্ৰেয়সীক সামগ্ৰী যোগান ধৰাৰ বাবে চুৰি কাৰ্যত লিপ্ত হৈছিল বুলি অকপট স্বীকাৰোক্তি টিকলাৰ৷

    উল্লেখযোগ্য যে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং