ধাৰে লোৱা টকাৰ পৰা হাত সাৰিবৰ বাবে প্ৰেমিক-প্ৰেমিকাই জীৱন্তে জ্বলাই দিলে এজন লোকক

0
2399
প্ৰতিকী ফটো

ধাৰে লোৱা টকাৰ পৰা হাত সাৰিবৰ বাবে প্ৰেমিক-প্ৰেমিকাই জীৱন্তে জ্বলাই দিলে এজন লোকক। লোন লৈছিল ২ কোটি টকা, কিন্তু উভতাই দিয়াৰ সময়ত লাগিল খেলিমেলি।

টকা ঘুৰাই দিয়াৰ সলনি পৰিকল্পনা কৰিলে নিজৰেই মৃত্যু হোৱা বুলি প্ৰমাণ কৰিবলৈ। আনকি উপায় বিচাৰি হত্যা কৰি পেলালে এজন লোকক। এই লোকহৰ্ষক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বিজনৌৰৰ।

বিজনৌৰৰ এজন ডাঙৰ ব্যৱসায়ী সুশীল গুপ্তাই তেওঁৰ ব্যৱসায়ৰ বাবে ২ কোটি টকাৰ ঋণ লৈছিল, কিন্তু এতিয়া তেওঁ সেই ঋণ পৰিশোধ কৰাত অসুবিধা পাইছিল। সেই ঋণৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰেমিকাৰ সৈতে মিলিত হৈ পাঙিলে এক ডাঙৰ পৰিকল্পনা।

টিভিট দেখুওৱা ক্ৰাইন ব্ৰাঞ্চৰ চিৰিয়েল দেখি সেই মতেই হত্যাৰ পৰিকল্পনা কৰে। আৰু ধাৰৰ পৰা হাত সাৰিবৰ বাবে নিজৰ মৃত্যু হোৱা বুলি প্ৰমাণ কৰিবলৈ অন্য এজন লোকক যি সুৰাৰ ৰাগীত মাতাল হৈ আছিল, সেই লোক গৰাকীক নিজৰ কাপোৰ পৰিধান কৰোৱাই বাহনত বহুৱাই জীৱন্তে জ্বলাই দিয়ে।

এইদৰে পৰিকল্পনা কৰি শেষত মূৰৰ পৰা ঋণৰ বোজা হ্ৰাস কৰি প্ৰেমিকাৰ সৈতে সুখৰ জীৱন অতিবাহিত কৰিব বিচাৰিছিল। কিন্তু সকলো পৰিক্লপনাত পানী পৰি যায়।

লোকগৰাকীৰ সৈতে গাড়ীখন জ্বলাই দিয়াৰ পিছতে, দুয়ো প্ৰেমিক প্ৰেমিকা ঘটনাস্থলীৰ পৰা পলাই যায়। গাড়ীখনৰ পৰা জুই উঠিবলৈ আৰম্ভ কৰাৰ লগে লগে তাত উপস্থিত আন লোকসকলে আৰক্ষীক ফোন কৰে আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ লোক জনক জ্বলন্ত গাড়ীৰ পৰা উলিয়াই আনে।

সুৰাৰ ৰাগীত কব নোৱাৰা হৈ থকা লোকগৰাকীক অৰ্ধজ্বলিত অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসাধীন অৱস্থাতে প্ৰাণ হেৰুৱাই লোকগৰাকীয়ে।

আনহাতে আৰক্ষীয়ে তদন্তত ওলাই পৰে সমগ্ৰ ঘটনা। তদন্তৰ পাছতে আৰক্ষীয়ে সুশীল আৰু প্ৰেমিকা ৰাণীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে সুশীল গুপ্তাৰ পৰা ১৩.৫ লাখ টকা, কিছু গহনা আৰু দুখন এটিএম কাৰ্ডো উদ্ধাৰ কৰিছে।