28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    প্ৰেমিকাক লগ কৰিব আঁহোতেই পৰিয়াল বৰ্গই মৰিয়াই মৰিয়াই হত্যা কৰিলে যুৱকক

    প্ৰেমিকাক লগ কৰিব আঁহোতেই পৰিয়াল বৰ্গই মৰিয়াই মৰিয়াই হত্যা কৰিলে যুৱকক

    দেশত প্ৰতিদিনেই বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়। ইয়াৰ মাজতে ফিৰোজাবাদৰ পৰা এক ভয়ংকৰ নৃশংস হত্যাকাণ্ডৰ কথা পোহৰলৈ আহিছে।

    জানিব পৰা মতে পবন নামৰ ২৫ বছৰীয়া যুৱকজনক মৰিয়াই মৰিয়াই হত্যা কৰা হয়। উল্লেখ্য যে, পবনে তেওঁৰ প্ৰেমিকাক লগ কৰিবলৈ আহিছিল।

    জানিব পৰা মতে পবনে নিজৰ প্ৰেমিকাৰ লগত ফোনত কথা পাতিছিল আৰু যুৱতী গৰাকীয়ে তেওঁক ঘৰলৈ মাতিছিল।প্ৰেমিকাৰ ঘৰ যাঁওতেই যুৱতী গৰাকীৰ পৰিয়ালবৰ্গই যুৱকজনক ৰচীৰে বান্ধি মাৰপিট কৰে। যাৰ ফলত মৃত্যু হয় যুৱকজনৰ।

    এই ঘটনা সম্পৰ্কে আৰক্ষীয়ে অবগত হোৱাৰ পিছতেই ঘটনাস্থলিত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। এই সন্দৰ্ভত যুৱকজনৰ পৰিয়ালবৰ্গই এজাহাৰ দাখিল কৰে আৰু ইয়াৰ পিছতেই ঘটনাৰ লগত জড়িত ৫জনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

    আৰু পঢ়ক : দুটাকৈ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ এইগৰাকী বিস্ফোৰক বেটছমেনে ক্ৰিকেটক জনালে বিদায়

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং