প্ৰেম দুই যুৱতীৰ মাজত! প্ৰেমত পৰি এগৰাকীয়ে লিংগ পৰিৱৰ্তন কৰি হ’ল যুৱক, পিছে তাৰ কেইদিনমানৰ পাছতেই প্ৰেমিকা পৰিল অন্য যুৱকৰ প্ৰেমত…

0
96
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰেম দুই যুৱতীৰ মাজত! প্ৰেমত পৰি এগৰাকীয়ে লিংগ পৰিৱৰ্তন কৰি যুৱক হ’ল, পিছে তাৰ কেইদিনমানৰ পাছতেই প্ৰেমিকা পৰিল অন্য যুৱকৰ প্ৰেমত…

এক প্ৰেম কাহিনী পোহৰলৈ আহিছে। এই প্ৰেম কাহিনী দুই যুৱতীৰ। প্ৰেমত পৰি এগৰাকীয়ে যুৱতীয়ে লিংগ পৰিৱৰ্তন কৰি যুৱতীৰ পৰা যুৱক হ’ল। কিন্তু আনগৰাকী যুৱতীয়ে কৰিলে প্ৰতাৰণা। যাৰবাৰে যুৱতীগৰাকী যুৱক হৈছিল, তেঁৱেই প্ৰতাৰণা কৰি এৰি থৈ গ’ল।

এই প্ৰেম কাহিনী উত্তৰ প্ৰদেশৰ ঝান্সীৰ। যুৱতী দুগৰাকীৰ নাম ক্ৰমে ছানা খান আৰু সোণাল শ্ৰীবাস্তৱ। এগৰাকী ঘৰৰ মালিকৰ ছোৱালী, আনগৰাকী ভাড়াতীয়া। সোণালৰ ভাড়াঘৰত বাস কৰিছিল ছানাই। লগ পোৱাৰ মাত্ৰ কেইমাহমানৰ ভিতৰতে দুয়োৰে মাজত প্ৰেম গঢ় লৈ উঠিল।

এক বছৰ সম্পূৰ্ণ হোৱা আগতেই ছানাই ভাড়াঘৰ এৰি কোৱাৰ্টাৰত থাকিবলৈ গুচি যায়। চৰকাৰী চাকৰি সূত্ৰে ছানাই এটা কোৱাৰ্টাৰ লাভ কৰে। ঘৰৰ মালিকৰ ছোৱালী সোণালে এই বিচ্ছেদ সহ্য কৰিব নোৱাৰিলে।

ফলত দুয়ো একেলগে থকাৰ সিদ্ধান্ত লয়। সোণালে ছানাক লিংগ পৰিৱৰ্তন কৰি যুৱক হ’বলৈ কয়। ছানায়েও প্ৰেমৰ বাবে যুৱক হ’বলৈ প্ৰস্তুত হৈ উঠে। ছানাই নিজৰ লিংগ সলনি কৰাৰ সিদ্ধান্ত ল’লে।

ইয়াৰ পাছত সোণাল শ্ৰীবাস্তৱে এখন চিকিৎসালয়ত কাম কৰিবলৈ আৰম্ভ কৰে। এইবাৰ তাত কাম কৰা জ্ঞান নামৰ এজন ল’ৰাৰ প্ৰেমত পৰে সোণাল। ফলত লাহে লাহে ছানা ওৰফে ছোহেইলৰ লগত কাজিয়া আৰম্ভ হয় সোণালৰ।

ছোহেইলে সোণালক চাকৰি এৰিবলৈ কোৱাত সোণালে কয় যে, ”মই তোমাক এৰিব পাৰিম কিন্তু মোৰ চাকৰি আৰু জ্ঞানক এৰিব নোৱাৰো।” এই কথা শুনি ছোহেইল খানৰ মূৰত আকাশী সৰগ ভাগি পৰে।

তেতিয়া ছোহেইলে কয় যে- ”মই দেখোন লিংগ পৰিৱৰ্তন কৰিলো তোমাৰ বাবে, এতিয়া মোৰ কি হ’ব?” সোণালে সেই প্ৰশ্ন শুনি অতি টান সুৰত কয়, ”তুমি লিংগ পৰিৱৰ্তন কৰিলা, সেইটো তোমাৰ কথা..ইয়াৰ লগত মোৰ একো লেনা-দেনা নাই।”

ইয়াৰ পিছত দুয়োৰে মাজত বিবাদ বাঢ়ি গ’ল। কিছুদিনৰ পাছত সোণালে ছোহেইলক এৰি থৈ যায়। অৱশেষত এতিয়া ন্যায় বিচাৰি আদালতৰ আশ্ৰয় লৈছে ছোহেইল খানে। সময়তহে গম পোৱা যাব ছানা ওৰফে ছোহেইল খানে ন্যায় পাবনে নাই।