ভাগ্যত আছে নেকি কোনো দুৰ্যোগৰ সম্ভাৱনা,জানিবলৈ চাওক আজিৰ ৰাশিফল

0
714

ভাগ্যত আছে নেকি কোনো দুৰ্যোগৰ সম্ভাৱনা,জানিবলৈ চাওক আজিৰ ৰাশিফল

মেষ- আজিৰ দিনটো ব্যৱসায় কৰা ব্যক্তি সকলৰ বাবে শুভ । যদি বিনিয়োগ কৰিব বিচাৰিছে তেনেহলে হাতলৈ ডাঙৰ সুযোগ আহিব। প্ৰেমত শুভ। শুভ সংখ্যা ৫, শুভ ৰং বাদামী।

বৃষ- সিদ্ধান্ত লওঁতে ভালকৈ ভাবি চিন্তি ল’ব। সৰু-সুৰা কথাৰ বাবে কাৰোৰে লগত কাজিয়া নকৰিব। দাম্পত্যত সাৱধান হ’ব। শুভ সংখ্যা ১, শুভ ৰং আকাশী।

মিথুন- সম্পত্তি সম্পৰ্কীয় বিবাদত জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ ল’ব। বিত্তীয় পৰিস্থিতি শক্তিশালী হ’ব। কামত প্ৰশংসা লাভ কৰিব। শিক্ষৰ্থীয়ে পৰীক্ষাত সফলতা লাভ কৰিব। শুভ সংখ্যা ৯, শুভ ৰং
বগা।

কৰ্কট- কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব। যিকোনো কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। হঠাতে ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৩, শুভ ৰং মেৰুণ।

সিংহ- আজি দিনটোত আপুনি ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখিন হ’ব। প্ৰিয় জনৰ পৰা উপহাৰ লাভ কৰিব। শুভ সংখ্যা ৭, শুভ ৰং ৰঙা।

কন্যা- আজিৰ দিনটো আপোনাৰ চিন্তাৰে পাৰ হ’ব। কৰ্মক্ষেত্ৰত থকা বাধা সমূহ আতৰাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ যোগ আছে। শুভ সংখ্যা ২, শুভ ৰং কমলা।

তুলা – কৰ্মক্ষেত্ৰত আপোনাৰ শত্ৰুসকলে আজি আপোনাৰ কামত বাধা প্ৰদান কৰিব। শিক্ষাৰ্থী সকলে পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। প্ৰেমত শুভ। শুভ সংখ্যা ৮, শুভ ৰং নীলা।

বৃশ্চিক- সৰু সৰু কথাতে খং নকৰিব।ই আপোনাৰ কামত প্ৰভাৱ পেলাব। দিনটো ব্যস্ততাৰে পাৰ হ’ব। আজি কোনো আইনি বিষয়ত নোসোমাব। শুভ সংখ্যা ৪, শুভ ৰং গোলপীয়া।

ধনু- আজিৰ দিনটো আপোনাৰ বাবে অতি ফলপ্ৰসূ দিন হ’ব। আজি ধন লাভ কৰাৰ বহুটো সুবিধা পাব। প্ৰেমত যদি কোনো সমস্যা হৈ আছে তেনেহলে আজি পৰিত্ৰাণ লাভ কৰিব। শুভ সংখ্যা ৬
শুভ ৰং হালধীয়া।

মকৰ- আজিৰ দিনটোত আপোনাৰ সন্মান বৃদ্ধি পাব। চাকৰি বিচাৰি থকা লোক সকলে সফলতা লাভ কৰিব। ব্যৱসায়ী সকলে অধিক পৰিশ্ৰম কৰিব লাগিব। শুভ সংখ্য়া ১, শুভ ৰং বগা।

কুম্ভ- চাকৰিয়াল সকলৰ পদোন্নতিৰ বাবে স্থানান্তৰ কৰিব পাৰে।দিনটো চিন্তাত পাৰ হ’ব। ব্যৱসায় কৰা লোক সকলে যিকোনো বস্তুটো ক্ৰয় কৰোতে বৃহৎ ৰেহাই পাব। শুভ সংখ্যা ৯, শুভ
ৰং ৰূপালী।