25 C
Guwahati
Thursday, May 19, 2022
More

    এক বিশেষ উদ্দেশ্য লৈ বিৰোধীৰ নেতাৰ সৈতে বৈঠকত বহিল লোকসভাৰ অধ্যক্ষ

    এক বিশেষ উদ্দেশ্য লৈ বিৰোধীৰ নেতাৰ সৈতে বৈঠকত বহিল লোকসভাৰ অধ্যক্ষ

    লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি সদনৰ অচলাৱস্থা সমাধানৰ বাবে সকলো ৰাজনৈতিক দলৰ নেতাৰ সৈতে এখন বৈঠকত মিলিত হয়।

    লোকসভাৰ অধ্যক্ষৰ চেম্বাৰত অনুষ্ঠিত হোৱা বৈঠকখনত সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰী, এনচিপিৰ সুপ্ৰিয়া চুলে, তৃণমূলৰ সৌগত ৰায় আৰু কল্যাণ বেনাৰ্জী, ৰিভলোচনৰি ছ’চিয়েলিষ্ট পাৰ্টীৰ এন কে প্ৰেমচান্দ্ৰন।

    ইয়াৰ উপৰি তেলেগু দেশম পাৰ্টিৰ গাল্লা জয়দেৱ, বিএছপিৰ ৰীতেশ পাণ্ডে, ৱাইএছআৰ কংগ্ৰেছৰ মিথুন ৰেড্ডী, বিজু জনতা দলৰ অনুভব মোহান্তি, দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমৰ এ ৰাজা, শিৱসেনাৰ বিনায়ক ৰাউত ইত্যাদি।

    লোকসভাত সমগ্ৰ বৰ্ষাকালীন অধিৱেশনত চলা অচলাৱস্থা যাতে শীতকালীন অধিৱেশনত নহয় তাৰ বাবেই এই বৈঠকখন আহ্বান কৰিছিল।

    তদুপৰি সদনৰ কাম-কাজ যাতে সুচাৰুৰূপে চলাব পাৰে তাৰ বাবেও সহাৰিৰ আহ্বান জনাই বিৰোধীক।

    যোৱা অধিৱেশনৰ অন্তিম কেইটা দিনত ৰাজ্যসভাত হোৱা হুলস্থূলৰ ফলত উচ্চ সদনৰ ১২ জন বিৰোধী সদস্যক নিলম্বন কৰাক লৈ শাসকীয় দল আৰু বিৰোধীৰ মাজত সংঘৰ্ষই চৰম ৰূপ পাইছে।

    আৰু পঢ়ক : চামগুৰিৰ প্ৰাক্তন অগপ বিধায়ক অতুল কুমাৰ শৰ্মাৰ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং